Local, Vocal, Global

IAF Jet crashes in Chamarajnagar : ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত

নেশ্যনেল ডেস্ক,১ জুন : কৰ্ণাটকত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত (IAF Jet crashes in Karnataka)। বৃহস্পতিবাৰে কৰ্ণাটকৰ চমৰাজনগৰত সংঘটিত হৈছে এই ঘটনাৰ।

চামৰাজনগৰৰ এখন পথাৰত ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । বিমানখনত দুগৰাকী পাইলট আছিল । কথমপি প্ৰাণৰক্ষা পাইলট দুগৰাকীৰ ।’বিমানখনত থকা পাইলট দুগৰাকীয়ে পেৰাচুটৰ সৈতে সুৰক্ষিতভাৱে বাহিৰলৈ ওলাই আহে ।

ভাৰতীয় বায়ু সেনাই টুইটাৰৰ জৰিয়তে জনাই এই কথা।

টুইটাৰত লিখে যে, ভাৰতীয় বায়ু সেনাৰ এখন কিৰণ প্ৰশিক্ষক বিমান আজি কৰ্ণাটকৰ চামৰাজনগৰৰ ওচৰত নিয়মীয়া প্ৰশিক্ষণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয়। দলটোৰ সদস্য সকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয়

ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষক ইয়াৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া বুলি জনায়। এতিয়ালৈতে এই বিমান দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই। জানিব পৰা মতে,এই দুৰ্ঘটনাত কোনো লোক হাতহতো হোৱা নাই। অৱশ্যে ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰা হৈছে ।

লগতে পঢ়ক : Road Accident : ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা,আহত ২০ গৰাকীকৈ যাত্ৰী