Local, Vocal, Global

টীয়কৰ মুদৈজানত ভয়ংকৰ পথ দুৰ্ঘটনা

টীয়কৰ মুদৈজান তিনিআলিৰ সমীপত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। বুলেট মটৰচাইকেলেৰে বিপৰীত দিশৰ পৰা অহা মটৰচাইকেলৰ সৈতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতেই সংঘটিত হয় পথ দুৰ্ঘটনাটো। ঘটনাস্থলীত টীয়ক আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহায়ত ততাতৈয়াকৈ আহত দুজনক টীয়ক এফ আৰ ইউলৈ আৰু গুৰুতৰ ভাৱে আহত এজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।