কমলপুৰৰ সাংবাদিকৰ মাজত কৰ’না আতংক

ৰাজ্যত মহামাৰী কৰ’না ভাইৰাছৰ সংক্ৰমণে একপ্ৰকাৰ বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ এগৰাকী কৰ’না যোদ্ধা হিচাপে সংবাদ সেৱাৰ যোগেদি কৰ্তব্য আগবঢ়াই অহা সংবাদসেৱী সকলৰ মাজতো এতিয়া আতংকৰ কাৰণ হৈ পৰিছে কৰ’না । দেওবাৰে কমলপুৰ- আল্টা নিৱাসী তথা আমিনগাঁৱৰ সাংবাদিক বিপুল ডেকাৰ দেহত ক’ভিড-১৯ পজিটিভৰ উপস্থিতি ধৰাৰ পৰাৰ পিছত এতিয়া তেওঁৰ সংস্পৰ্শত থকা উত্তৰ গুৱাহাটী ,আমিনগাঁও ,কমলপুৰ , বাইহাটা চাৰিআলিৰ একাংশ সাংবাদিকৰ মাজতো বিষয়টোৱে চিন্তনীয় কৰি তুলিছে । আজি আক্ৰান্ত সাংবাদিকজনৰ প্ৰত্যক্ষ সংস্পৰ্শত থকা কমলপুৰৰ ৬ সাংবাদিকৰ SWAB সংগ্ৰহ কৰে স্বাস্থ্য বিভাগে ।
ইতিমধ্যে আটাইকেইগৰাকী সাংবাদিকে কমলপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ নিজেই গৈ স্ব- ইচ্ছাই SWAB প্ৰদান কৰে। সাংবাদিক কেইজনে প্ৰকাশ কৰা মতে SWAB টেষ্টৰ ফলাফল নহা পৰ্যন্ত হোম কোৱাৰেন্টিন হৈ থাকিব তেওঁলোক ।