Local, Vocal, Global

ৰাজ্যত পুনৰ নৃশংস হত্যাকাণ্ড

ৰাজ্যত পুনৰ নৃশংস হত্যাকাণ্ড। এইবাৰ তিতাবৰত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। ৰাজপথত খেদি খেদি দাৰে ঘপিয়াই হত্যা কৰে  মৃণ্ময় বৰঠাকুৰ নামৰ এজন যুৱকক। ব্যক্তিগত সংঘাতৰ বলি হয় মৃণ্ময় বৰঠাকুৰ নামৰ যুৱকজন।বৃহস্পতিবাৰে বিয়লি কৰ্মস্থলীৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত তিতাবৰ কপহুৱাত পলিত তাঁতী নামৰ যুৱক এজনে প্ৰথমে বাইকেৰে খুন্দা মাৰি ৰাজপথত পেলাই লৈ উপৰ্যুপৰি দাৰে ঘপিয়াই হত্যা কৰে মৃণ্ময় বৰঠাকুৰক। উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসালয়তে মৃত্যু হয় যুৱকজনৰ। টাইৰুণ চাহ বাগিচাৰ কৰ্মচাৰী আছিল যুৱকজন। হত্যাকাৰী পলিত তাঁতীক তিতাবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে  তিতাবৰত।