Local, Vocal, Global

হাজোৰ প্ৰাক্তন বিধায়ক বৰকট উল্লাহৰ মৃত্যু

হাজো সমষ্টিৰ প্ৰাক্তন বিধায়ক বৰকট উল্লাহৰ মৃত্যু। ১৯৮৩ চনত কংগ্ৰেছৰ বিধায়ক আছিল বৰকট উল্লাহ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ। শাৰীৰিক অসুস্থতাৰ বাবে তিনিদিন পূৰ্বে GMCHত ভৰ্তি কৰোৱা হৈছিল প্ৰাক্তন বিধায়কগৰাকীক। নিশা প্ৰায় ২ বজাত হাস্পতালতেই শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে। মৃত্যুুৰ সময়ত ইহ সংসাৰত পুত্ৰ-বোৱাৰী আৰু নাতিক এৰি থৈ যায় বৰকট উল্লাহে।বৰকট উল্লাহৰ মৃত্যত হাজো অঞ্চলৰ বিভিন্ন দল-সংগঠনৰ লগতে সাংবাদিক সন্থায়ো শোকপ্ৰকাশ কৰে।