Local, Vocal, Global

পথত ভূঁই ৰুই, মাছ ধৰি ৰাইজৰ প্ৰতিবাদ

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়িদিহিং মৌজাৰ বৃহত্বৰ তৰাণী গাঁৱৰ লোকসকলে এটা পথৰ বাবে জীয়াতু ভূগিবলগীয়া হৈছে । স্বাধীনতাৰ ৭ টা দশক পাৰ হোৱাৰ পাছতো ৩নং তৰাণীৰ পৰা বালিজান সংযোগী এই পছচোৱাত নপৰিল এটুকুৰা শিল । সুদীৰ্ঘ কাল কংগ্ৰেছৰ সাশনত থকা মাৰ্ঘেৰিটা সমষ্টিৰ এই লোকসকলে পৰিৱৰ্তণৰ আশাত ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বি.জে.পি বিধায়ক ভাস্কৰ শৰ্মাক নিৰ্বাচিত কৰিলে যদিও তৰাণী গাঁৱৰ ৰাইজৰ সমস্যা সমস্যা হৈয়েই ৰ’ল । যাৰ প্ৰতিবাদত এনেদৰেই বোকাময় পথৰ ওপৰতেই ভূঁই ৰুই, মাছ ধৰি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে লোকসকল । লগতে এই পথচোৱা অতি শীঘ্ৰে নিৰ্মান কৰিবলৈ স্থানীয় ৰাইজে চৰকাৰক ওচৰত আহ্বান জনাইছে ।