ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তেজপুৰৰো বহু অঞ্চল ব্ৰহ্মপুত্ৰ আৰু জীয়াভৰালী নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে। তেজপুৰৰ বিহগুৰি মৌজাৰ কেইবাখনো গাওঁ বিগত কেইটামান দিন ধৰি চলি থকা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহ বাঢ়নী পানীয়ে তেজপুৰ পুৰ্বাঞ্চলৰ লগতে বিহগুৰি মৌজাৰ বহু কেইখন গাঁও প্লাবিত কৰাৰ ফলত হাহাকাৰ সৃষ্টি হৈছে ৰাইজৰ মাজত । বহু কেইটা অঞ্চলত বাঢ়নী পানীয়ে খেতি পথাৰৰ লগতে ঘৰ- দুৱাৰ প্লাবিত কৰিছে লগতে বহু কেইটা পকী পথ চিঙি নিয়াও পৰিলক্ষিত হৈছে।