Local, Vocal, Global

বছৰৰ দ্বিতীয়টো বানৰ কৱলত নুমলীগড়

বছৰৰ দ্বিতীয়টো বানৰ কৱলত নুমলীগড়ৰ মহুৰামুখৰ বিস্তীৰ্ণ অঞ্চল । ওখ ঠাইলৈ ঢাপলি মেলিছে গাঁওবাসীয়ে ।
নুমলীগড় মহুৰামুখৰ বিস্তীৰ্ণ অঞ্চল মহাবাহু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী বুৰাই পেলাইছে । যাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ গোটুং , নিকৰি, ধনশিৰি, ৰিৰি গাঁৱকে আদি কৰি প্ৰায় দহ খন গাঁও সম্পূৰ্ণ ৰূপে বাঢ়নী পানীৰ কৱলত পৰিছে । ইফালে ডিচৈ পঞ্চায়তৰ নিকৰি বৰতল সংযোগী একমাত্ৰ পথটো বাঢ়নী পানীয়ে চিঙি নিয়াত এতিয়া যোগাযোগ বিছিন্ন হৈ পৰিছে ১০ খনৰো অধিক গাঁৱৰ শ শ লোকৰ । প্ৰশাসনৰ ফালৰ পৰা যদিও এখন বাঁহৰ দলঙৰ ব্যৱস্থা কৰিছিল সেইখনো একেদিনাই উটুৱাই লৈ যায় ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে । এতিয়া মৰণক শৰণ দি টুলুঙা নাওকে একমাত্ৰ সাৰথি কৰি যাতায়ত অব্যাহত ৰাখিছে এই সকল বন্যাৰ্তই ।