Local, Vocal, Global

তিনিচুকীয়া-দুলীয়াজান পথত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ পি পি ই কীট

তিনিচুকীয়া-দুলীয়াজান পথৰ বাহাদুৰ চাৰিআলিত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ পি পি ই কীট ৷ ব্যৱহাৰ কৰা পি পি ই কীট নষ্ট কৰাৰ পৰিৱৰ্তে এনেদৰে পেলোৱা কাৰ্যক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বাহাদুৰ চাৰিআলিত ৷ জিলা প্ৰশাসন আৰু তিনিচুকীয়া পৌৰসভাৰ এনে কাণ্ডজ্ঞানহীন কাণ্ডৰ ফলশ্ৰুতিত বাহাদুৰ চাৰিআলিৰ ৰাইজ আতংকৰ মাজত বাস কৰিব লগা হৈছে ৷ স্থানীয় লোকৰ অভিযোগ অনুসৰি কোনো অচিনাক্ত লোকে উক্ত স্থানত পেলাই গৈছে ব্যৱহাৰ কৰা পি পি ই কীট ৷ অনাগত দিনত এনে কাণ্ডৰ পৰা বিৰত থকাৰ লগতে পি পি ই কীট সমূহ সুৰক্ষিত স্থানত নষ্ট কৰিবলৈ দাবী জনাইছে বাহাদুৰ চাৰিআলিৰ যুৱ-ছাত্ৰ পৰিষদে ।