Local, Vocal, Global

গহপুৰত আছুৱে জব্দ কৰিলে টাৰবাইন কঢ়িওৱা ট্ৰাক

গহপুৰত আছুৱে জব্দ কৰিলে গেৰুকামুখ জলবিদ্যুত প্ৰকল্পলৈ যন্ত্ৰাংশ কঢ়িওৱা ৯০ চকীয়া ট্ৰাক। যি সময়ত ৰাজ্যত নদী বান্ধৰ বিৰোধিতা কৰি আহিছে দল সংগঠন সমূহে তেনে সময়তে গহপুৰত আছুৱে জব্দ কৰিলে নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্প লৈ বৃহৎ যন্ত্ৰাংশ কঢ়িয়াই নিয়া ৯০ চকীয়া এখন ট্ৰাক। লক ডাউনৰ সুযোগ গ্ৰহণ কৰি NHPC লৈ কঢ়িয়াই নিছিল বৃহৎ বৃহৎ যন্ত্ৰাংশ। এই কথা  গহপুৰৰ  আছুৰ প্ৰতিনিধিসকলে গম পোৱাৰ পিছতেই   ট্ৰাক খন জব্দ কৰে আৰু বড়িগাওঁ তিনিআলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাঁই পথত NHPC ৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলে। NHPC ৰ গ’বেগ, মোদী চৰকাৰ হায় হায়,সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে যন্ত্ৰাংশ কঢ়িওৱা ট্ৰাক খন আছুৱে লক্ষীমপুৰ-ধেমাজী অভিমুখী আছিল যদিও নগাও অভিমুখে ওভতাই পঠাই।