Local, Vocal, Global

শিৱসাগৰত ছাত্র মুক্তি সংগ্রাম সমিতি আৰু টাই  আহোম যুৱ পৰিষদৰ প্ৰতিবাদ

শিৱসাগৰতো অনুমতিবিহীন উদ্যোগ স্থাপনৰ বাবে কেবিনেটৰ নতুন ভূমি আইনৰ বিৰোধীতাৰে আজি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্র মুক্তি সংগ্রাম সমিতি আৰু টাই আহোম যুৱ পৰিষদে। আজি শিৱসাগৰ নগৰৰ মাজ মজিয়াৰ মুক্তি নাথ চাৰিআলিত অনুমতিবিহীন উদ্যোগ স্থাপনৰ বাবে কেবিনেটৰ নতুন ভূমিৰ আইনৰ প্ৰতিলিপি দাহ কৰে টাই আহোম যুৱ পৰিষদে।সমান্তৰালকৈ আজি এই নতুন ভূমি আইনৰ বিৰোধীতাৰে ছাত্র মুক্তি সংগ্রাম সমিতিয়ে  ৰূপায়ন কৰে এক অন্নশনৰ কায্যসূচী৷শিৱসাগৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত লোৱা এই কাৰ্যসূচীত অখিল গগৈৰ উন্নত চিকিৎসাৰ বাবে বিশেষ ব্যবস্থা লোৱাৰ বাবে দাবী জনায় ছাত্র মুক্তি সংগ্রাম সমিতিয়ে।