Local, Vocal, Global

তিনিচুকীয়াৰ পানীতোলা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি

তিনিচুকীয়াৰ পানীতোলা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি৷ UBI পানীতোলা শাখাৰ কাৰ্যালয়ত আটছাৰ চাবুৱা সমিতিৰ এটা সজাতি দলৰ স’তে হোৱা বাকবিতণ্ডাৰ অভিযোগত দুয়োপক্ষই দাখিল কৰে এজাহাৰ ৷বেঙ্ক কৰ্তপক্ষৰ এজাহাৰৰ ভিত্তিত পানীতোলা আৰক্ষীয়ে মংগলবাৰে আটক কৰে ৮ জনকৈ লোকক ৷ চাহবাগিছাৰ ১০ হাজাৰ লোকৰ ইউ বি আই বেঙ্কটোত একাউণ্ট আছে আৰু আটছাৰ অভিযোগ যে উক্ত বেঙ্কটোত পৰিচালকজনে বহু কেলেংকাৰীৰ আশ্ৰয় লৈছে, কেলেংকাৰী সন্দৰ্ভত বুজ ল’বলৈ আটছাৰ এটা সজাতি দল যাওঁতে বেঙ্ক কৰ্মচাৰীয়ে প্ৰহাৰ কৰিছিল দলটোক। পিছত আৰক্ষীয়ে আটক কৰা  ৮ জন লোকক বিনাচৰ্তে মুক্তি দিয়াৰ লগতে উক্ত বেঙ্কৰ পৰিচালকজনক বদলিৰ দাবীত আটছাৰ লগতে দুই শতাধিক চাহ শ্ৰমিকে পানীতোলা আৰক্ষী চকী ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷