Local, Vocal, Global

কামৰূপৰ কমলপুৰত পুনৰ এজনৰ ব্যক্তিৰ দেহত কভিড-১৯ 

কমলপুৰৰ হাঁহাৰাত এজনৰ দেহত কভিড-১৯ 

কামৰূপ জিলাৰ কমলপুৰ পুনৰ এজনৰ লোক আক্ৰান্ত  কভিড-১৯ পজিটিভত  । হাঁহাৰা গাঁৱৰ সুৰেশ কলিতা নামৰ লোকজনে আজি কেইদিনমানৰ পৰা জ্বৰ কাহত ভুগি আছিল। সেয়েহে সন্দেহবসত লোকজনে ৯ দিন আগত SWAB পৰীক্ষা কৰে আৰু তেওঁক ঘৰতে থাকিব দিয়ে। আজি লোকজনৰ দেহত কভিড-১৯ পজিটিভৰ উপস্থিতি ধৰা পৰে । কমলপুৰ ৰাজহ চক্ৰ বিষয়া অংকিতা শৰ্মা উপস্থিত হৈ লোকজনক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে । ইতিমধ্যে লোকজনক মিৰ্জা পটনঞ্জলী কভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।