Local, Vocal, Global

তিনিচুকীয়াৰ  টিংৰাই নৈৰ কাষত  উদ্ধাৰ হয় দুটাকৈ অৰ্ধগলিত মৃতদেহ

লকডাউনৰ মাজতে তিনিচুকীয়াৰ  টিংৰাই নৈৰ কাষত  উদ্ধাৰ হয় দুটাকৈ অৰ্ধগলিত মৃতদেহ । টিংৰাই নৈত একেলগে ৰহস্যজনক ভাৱে দুটাকৈ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এতিয়া অঞ্চলটোত সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ ।দুয়োটা মৃতদেহ উদ্ধাৰ কৰি বৰডুবি আৰক্ষী থানাই মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।এজনৰ মৃতদেহ পৰিয়ালৰ লোকে চিনাক্ত কৰা অনুসৰি তিনিচুকীয়া হিজুগুৰিৰ কাপ্তানচুকৰ চিত্তৰঞ্জন বৰা বুলি জানিব পৰা গৈছে ৷ লোকজন ২৫ জুনৰ পৰা সন্ধানহীন হৈ আছিল আৰু পৰিয়ালৰ লোকে ২৭ জুনত এখন নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত হিজুগুৰি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল ৷ পেচাত জীৱন বীমাৰ এজেণ্ট আছিল  উক্ত লোকজন  ।আনটো  মৃতদেহ  বৰ্তমানেও  চিনাক্ত কৰিব পৰা হোৱা নাই বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।পৰিয়ালৰ লোকে এয়া এক হত্যাকাণ্ড হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে যদিও পৰৱৰ্তী সময়ত আৰক্ষীৰ সঠিক তদন্তত ফাদিল হ’ব এয়া এক হত্যাকাণ্ড নে আন কিবা ?