Local, Vocal, Global

তিনিচুকীয়াত ট্ৰেভেল হিষ্ট্ৰি নথকা ব্যক্তি আক্ৰান্ত কৰ’নাত

তিনিচুকীয়াত পুনৰ ট্ৰেভেল হিষ্ট্ৰি নথকা ব্যক্তিৰ দেহত কভিড-১৯

তীব্ৰ চাঞ্চল্যৰ সৃষ্টি তিনিচুকীয়াত

বৃহস্পতিবাৰে কভিড-১৯ৰ পজিটিভ  ধৰা পৰা জিলাখনৰ ৭ গৰাকী ব্যক্তিৰ ভিতৰত তিনিগৰাকীৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰি ।কভিড-১৯ত আক্ৰান্ত ট্ৰেভেল হিষ্ট্ৰি নথকা ব্যক্তি কেইগৰাকীৰ এগৰাকী ডিগবৈ আৰু দুগৰাকী তিনিচুকীয়াৰ  ৷ উক্ত ৭ গৰাকী ৰোগী ক্ৰমে-তিনিচুকীয়াৰ বৰদলৈ নগৰৰ হেম বৰুৱা পথৰ সঞ্জয় গোৱেল  , তিনিচুকীয়া বজালতলীৰ দ্বীপেন দাস , তিনিচুকীয়া হিজুগুৰি ৩নং গেটৰ তপন বৰুৱা, ডিগবৈ মুলিয়াবাৰীৰ নিকুঞ্জলতা কাকতি, ঋষি ভৱনৰ আকাশ ভূমিজ আৰু  নিতু মৰাণৰ লগতে কালিবাৰী দাসপাৰাৰ বিপিন ভূমিজ ৷ ইতিমধ্যে আটাইকেইজন ৰোগীৰে চিকিৎসালয়ত চিকিৎসা অব্যাহত ৰখাৰ লগতে ৰোগীসকলৰ ট্ৰেভেল হিষ্ট্ৰী সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে  স্বাস্থ্য বিভাগে ।