Local, Vocal, Global

গোলাঘাটত কংগ্ৰেছত খহনীয়া

গোলাঘাটত কংগ্ৰেছত খহনীয়া। গোলাঘাট পৌৰসভাৰ প্ৰাক্তন পৌৰপতি,  প্ৰাক্তন উপ-পৌৰপতি, ২গৰাকী ৱাৰ্ড সদস্যসহ মুঠ ৪গৰাকী কংগ্ৰেছী বিজেপিত যোগদান। শুকুৰবাৰে যোৰহাট লোকসভাৰ সাংসদ তপন গগৈৰ উপস্থিতিত গোলাঘাট জিলা বিজেপি কাৰ্যালয়ত যোগদান কৰে ৪ কংগ্ৰেছীয়ে। গোলাঘাট পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ৰূপাঞ্জলি গগৈ, প্ৰাক্তন উপ পৌৰপতি মীৰা দত্ত, ৱাৰ্ড সদস্য দুলুমন ডেকা আৰু ববিতা গুপ্তাই যোগদান কৰে বিজেপিত।

সাংসদ তপন গগৈ, গোলাঘাট জিলা বিজেপিয়ে আদৰণি জনায়। এই যোগদানৰ জৰিয়তে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিছে গোলাঘাট বিজপিয়ে। আনহাতে অসমত উদ্যোগ স্থাপনৰ বিষয়ত সঁহাৰী জনোৱাৰ লগতে অসমত উদ্যোগ স্থাপনেৰে সৱলীকৰণ কৰা হৈছে বুলি মন্তব্য কৰে সাংসদ তপন গগৈয়ে।