Local, Vocal, Global

ধেমাজিৰ শোকাবহ দুৰ্ঘটনা, পিতৃ -কন্যাৰ মৃতদেহ উদ্ধাৰ, সন্ধান ওলোৱা নাই চালক নিৰঞ্জনৰ

১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ গেলুৱা দলঙত সংঘটিত পথ দুৰ্ঘটনাটোৱে এতিয়া শোকাচ্ছন্ন কৰি তুলিছে ধেমাজি আৰু লক্ষীমপুৰ জিলা। তাৰ মাজতে উদ্ধাৰ হৈছে সলিল সমাধি ঘটা পিতৃ-কন্যা ক্ৰমে টংকেশ্বৰ কলিতা(৫৫) আৰু পল্লৱী কলিতা(১৬)ৰ মৃতদেহ। শুকুৰবাৰে পুৱা প্ৰথমে গাড়ীখন উদ্ধাৰ হোৱাৰ প্ৰায় দুঘণ্টা পিছত জানটোৰ পানীৰ পৰা উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে দুৰ্ভগীয়া পিতৃ -কন্যাৰ মৃতদেহ। স্মৰ্তব্য যে বৃহস্পতি বাৰে দুর্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই পানীত উটি যোৱা অৱস্থাত স্থানীয় লোকে জীৱন্তে উদ্ধাৰ কৰিছিল টংকেশ্বৰ কলিতাৰ পত্নী সৰুমাই কলিতা(৪০) আৰু বৰজীয়ৰি কবিতা কলিতা(২৫)ক। কিন্তু অভিশপ্ত গাড়ীখনৰ ছালক নিৰঞ্জন মাহাতোৰ সন্ধান পোৱা নাই আজি বিয়লি পৰ্যন্ত। উল্লেখযোগ্য যে প্ৰয়াত টংকেশ্বৰ কলিতা আছিল লক্ষীমপুৰৰ লীলাবাৰী আৰক্ষী চকীৰ হাবিলদাৰ। চিলাপথাৰত এক বিবাহ অনুষ্ঠানলৈ পৰিয়ালটোক কঢ়িয়াই নিয়া গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই নামি গেলুৱা দলঙৰ দাঁতিৰ জানটোলৈ।