Local, Vocal, Global

দ্বিতীয়দিনাও সন্ধানহীন অনন্ত মৰাণ, বৰ্তমানেও অব্যাহত উদ্ধাৰ অভিযান

উন্নয়নৰ শ্ল’গানেৰে শাসনৰ গাদীত বহা চৰকাৰৰ দিনতো তিনিচুকীয়াত এখন কলৰ ভুৰৰে অতি বিপদসংকুলভাৱে এখন নদী পাৰ হওঁতে টিংৰা নদীত সংঘটিত হৈছিল এক কৰুণ ঘটনা । মঙলবাৰে ইটাখুলি ব্লকৰ অভিযন্তা পল্লবী ভৰালীয়ে স্থানীয় ঠিকাদাৰ অনন্ত মৰাণসহ খেৰবাৰীত নিৰ্মাণ কৰা প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনৰ বাসগৃহসমূহ পৰিদৰ্শন কৰিবলৈ যাওঁতে সংঘটিত হৈছিল অঘটনটো ৷স্থানীয় লোকৰ তৎপৰতাত অভিযন্তাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল অনন্ত মৰাণক । বুধবাৰে পুনৰ SDRF ৰ ৩ টাকৈ দলে অভিযান চলোৱাৰ পাছতো উদ্ধাৰ কৰিবলৈ সফল হোৱা নাই অনন্ত মৰাণক ।  ঘটনা সংঘটিত হোৱাৰ পাছত স্থানীয় বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষানে উপস্থিত হৈ এখন নাৱৰ ব্যৱস্থা কৰাৰ লগতে অতিসোনকালে পানী কমাৰ পাছত দলংৰ কাম আৰম্ভ হ’ব বুলি কৰা মন্তব্য আচস্থ হ’ব পৰা নাই স্থানীয় লোকে ৷