Local, Vocal, Global

পথত ৰুলে কঁঠীয়া , মাৰিলে জাল কিন্তু ক’ত এই ঘটনা ?

66

এটা গড়কাপ্তানী পথ, প্ৰকৃততে পথ বুলি কলে ভূল হব। লখিমপুৰ জিলাৰ গড়কাপ্তানী বিভাগৰ পথৰ জৰাজীৰ্ণ ৰূপৰ বাবে জীয়াতু ভুগিচে স্থানীয় ৰাইজে । লখিমপুৰ জিলাৰ অতি ব্যস্ত বোৱালগুৰী,নলকটা হৈ ৰঙাজান সংযোগী একমাত্ৰ এইটোয়ে গড়কাপ্তানী পথ ।

বুধবাৰে এই পথটো মেৰামতিৰ দাবীত প্ৰতিবাদত ৰাজপথ নামিল লখিমপুৰ জিলা ছাত্ৰ সন্থা । ৰাইজৰ সহযোগত প্ৰতিবাদতকাৰী ছাত্ৰ সন্থাৰ সদস্যই ৰাজপথত মাৰিলে জাল ,একাংশ লোকে ৰাজপথতে ৰুলে কঁঠীয়া । গুৰুত্বপূৰ্ণ পথটো অতিশীঘ্ৰে মেৰামতি কৰিবলৈ ৰাইজক দাৱী জনাই ।