Local, Vocal, Global

দুটাকৈ মৃত্যুৰ ঘটনাই ভাবুক কৰি তুলিছে বস্ত্ৰনগৰী শুৱালকুছিক

কামৰূপ জিলাৰ শুৱালকুছিত এক কৰুণা ঘটনা ।দুটাকৈ মৃত্যুৰ ঘটনাই এতিয়া  ভাবুক কৰি তুলিছে বস্ত্ৰনগৰী শুৱালকুছিক  । ঘটনা অনুসৰি আজি পুৱাৰ পৰা  নিৰুদ্দেশ হৈ আছিল প্ৰাক্তন শিক্ষক কনক কাকতি ।পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দি সন্ধান চলাই থকাৰ মাজতে স্থানীয় পুখুৰী এটাত ওপঙি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে এটা মৃতদেহ ।আৰু শেষত মৃত লোক জন কনক কাকতি বুলি চিনাক্ত কৰে পৰিয়ালৰ লোকে ।। এই বাতৰি বিয়পি পৰাৰ মাজতে বস্ত্ৰনগৰীত সংঘটিত হয় আন এক দুৰ্ভাগ্যজনক ঘটনা ।। ব্ৰহ্মপুত্ৰত গা ধুব গৈ সলিল সমাধি ঘটে এজন যুৱকৰ ।। টিংকু চৌধৰী নামৰ যুৱক জনে সমনীয়াৰ সৈতে নদীত গা ধুব নামিছিল কিন্তু দুৰ্ভাগ্যজনক ভাবে নদীৰ প্ৰবল সোঁতত উটি যায় টিংকু চৌধুৰী নামৰ যুৱক জন । অৱশ্যে খুব কম সময়তে যুৱক জনক পানীৰ পৰা তুলি আনিব সক্ষম হয় যদিও ইতিমধ্যে মৃত্যু ঘটিছিল টিংকু নামৰ যুৱক জনৰ ।।