Local, Vocal, Global

তিনিচুকীয়াত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ ৰে’লৱে মজদুৰ ইউনিয়নৰ

কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ৰে’ল শিল্পক ব্যক্তিগতকৰণ কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে বিক্ষোভ ৰে’লৱে মজদুৰ ইউনিয়নৰ ৷ ‘সবকা চাথ সবকা বিকাশ’ শ্ল’গানেৰে শাসনৰ গাদীত বহা বিজেপি চৰকাৰে এতিয়া ব্যক্তিগতকৰণ কৰিছে এটাৰ পিছত আনটো প্ৰতিষ্ঠান ৷ তৈল খাদ, BSNL-ৰ উপৰিও আন কেবাটাও ইতিমধ্যে ব্যক্তিগতকৰণ কৰাৰ লগতে শেহতীয়াকৈ ৰে’লৰ ৯ টাকৈ পথ ব্যক্তিগতকৰণৰ কাৰণে নিবিদা প্ৰকাশ কৰিছে ৷ কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ৰে’ল শিল্পক ব্যক্তিগতকৰণ কৰিবলৈ লোৱা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তিনিচুকীয়াত অৱস্থিত উত্তৰ-পূৱ মাণ্ডলীক ৰে’লৱে প্ৰবন্ধৰ কাৰ্যলয়ৰ সন্মুখত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ তিনিচুকীয়া জিলা সমিতিয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

উক্ত প্ৰতিবাদৰ জৰিয়তে প্ৰতিবাদকাৰী অতি সোনকালে ৰে’ল শিল্পক ব্যক্তিগতকৰণৰ সিদ্ধান্ত বাতিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাই, অন্যথা প্ৰতিবাদ অব্যাহত থাকিব বুলি মন্তব্য কৰে ৷