Local, Vocal, Global

কাৰাৰুদ্ধ ভাতৃ বিতু সোণোৱালৰ বাবে ভগ্নীৰ গীত

থোকাথুকি মাতেৰে গীত গাইছে এগৰাকী যুৱতীয়ে।পিতৃৰ হাতত গীটাৰখন তুলি দি পিয়ানোত আঙুলি বুলাই গীত গোৱা যুৱতীগৰাকীৰ বুকুৱেদি বোৱা যন্ত্ৰনাই থোকাথুকি কৰিলেও তেওঁ ৰূদ্ধ হ’বলৈ দিয়া নাই কন্ঠ।কাৰন তেওঁ যে এক ৰজাঘৰীয়া চক্ৰান্তই বলাব নোৱাৰা জাতিপ্ৰেমী উদাত্ত কন্ঠৰ তেজ-মঙহৰ ভগ্নী।২০০ দিন কাহানিবাই পাৰ হ’ল আপোন ভাতৃ কাৰাৰূদ্ধ হোৱাৰ।যোৱাটো ব’হাগতে পুত্ৰৰ মুক্তি আৰু জাতি উদ্ধাৰৰ দাবীত নিজৰ উৰুঙা চোতালখনতে ঢোলত চাপৰ দিছিল পিতৃ ৰবীন সোনোৱালে।কিন্তু ফল নধৰিল।গা-নলৰিল নিষ্ঠুৰ শাসকৰ।এতিয়া খবৰ আহিছে কাৰাবন্দী অৱস্থাতে মাৰাত্মক ভাইৰাচে পালে পুত্ৰক।কৃষক নেতা অখিল গগৈ,মানস কোঁৱৰৰ সৈতে একেলগে বন্দীত্ব কটাই থকা সতীৰ্থ ধৈৰ্য্য কোঁৱৰ আৰু পুত্ৰ বিতু কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰে গভীৰ অনিশ্চয়তাৰ মুখলৈ ঠেলি দিছে ৰবীন সোনোৱালৰ পৰিয়ালটোকো।পূত্ৰৰ বাবে বাট চাওঁতে চাওঁতে ভাঙি পৰিবলৈ ধৰা পিতৃৰ মনত সাহস যোগাবলৈকে হাতত গীটাৰখন তুলি দি বিতুৰ ভগ্নী মৃদুস্মীতাই ভাতৃৰ অনুপস্থিতিৰ দিনবোৰত থোকাথোকি মাতেৰে গীত গাই এনেদৰেই যেন ক’ব খুজিছে-‘তুমিও ভাঙি নপৰিবা দেউতা, ন’হলে জাতিটোক মৰণপন ভাল পাবলৈ আমাক সাহস যোগাব কোনে?’