Local, Vocal, Global

ডীলাই আৰক্ষীয়ে জব্দ কৰে ৬৪ কেজি গাঞ্জা

80

বোকাজানৰ ডীলাই আৰক্ষীৰ  এক বৃহৎ সফলতা। এক অভিযানত ১৬ মাইলৰ পৰা ৬৪ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় বোকাজানৰ ডীলাই আৰক্ষীয়ে। গাঞ্জা সৰবৰাহকাৰী সকলৰ ভিতৰত আছিল  এজন পুৰুষ আৰু এগৰাকী মহিলা। আটক ক্ৰমে গীতা দেৱী, অনিতা ৰায়, মুনমি মাহাতু আৰু ৰবীন্দ্ৰ দাস। NL 07F 7761 নম্বৰৰ এখন নাগালেণ্ডৰ অট’ত লৈ গৈ আছিল বৃহৎ পৰিমানৰ গাঞ্জাখিনি। ডিমাপুৰৰ পৰা লংকালৈ নি থকা অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয় গাঞ্জাখিনি। বৰ্তমান ডীলাই আৰক্ষীয়ে ২১/২০২০ নম্বৰত গোচৰ পঞ্জীয়ন কৰি ধৃত চাৰিওকে জেৰা অব্যাহত ৰাখিছে।