Local, Vocal, Global

77th Independence Day : স্বাধীনতা দিৱসৰ বাবে মহানগৰীত কটকটীয়া নিৰাপত্তা

গুৱাহাটী, ১৪ আগষ্ট : মঙলবাৰে ৭৭ সংখ্যক স্বাধীনতা দিৱস 77th Independence Day । স্বাধীনতা দিৱস উদযাপনৰ বাবে দেশবাসী সাজু হৈছে । স্বাধীনতা দিৱসক লৈ দেশৰ লগতে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে অসম আৰক্ষীয়ে । স্বাধীনতা দিৱসত যাতে কোনো কূটাঘাত মূলক ঘটনা সংঘটিত নহয় তাৰ বাবে মহানগৰ আৰক্ষীয়ে নিৰাপত্তাৰ ব্যৱস্থা কৰিছে । ৰে’ল পথ,নদী পথৰ লগতে মহানগৰীৰ আলিয়ে গলিয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে (Tight security Arrangements ahead of Independence Day in Guwahati) ।

গুৱাহাটী ৰে’লৱে ষ্টেচন, কামাখ্যা ৰে’লৱে ষ্টেচন, বিমান কোঠ, জালুকবাৰী, মালিগাঁও, পল্টনবজাৰ, ফাঁচী বজাৰ, গণেশগুৰি, ছয়মাইল আদিকে ধৰি মহানগৰীৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ তালাচী অভিযান অব্যাহত আছে । তাৰোপৰি গুৱাহাটীৰ পাহাৰীয়া স্থানত ডগ স্কোৱাডৰ সহায়ত তালাচী অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে(Tight security Arrangements ahead of Independence Day in Guwahati) ।

আনহাতে খানাপাৰা খেল পথাৰত স্বাধীনতা দিৱসৰ আয়োজন কৰা হৈছে । ইতিমধ্যে পেৰেডৰ বাবে সাজু কৰা হৈছে আৰক্ষীৰ বিভিন্ন গোটৰ লগতে এন চি চিৰ গোট সমূহক । স্বাধীনতা দিৱসৰ বাবে পেৰেডৰ চূড়ান্ত আখৰা সম্পন্ন হৈছে । আনহাতে, মহানগৰীৰ বজাৰ, পদপথ জাতীয় পতাকা, ৰঙ বিৰঙী বেলুন, পতাকা আৰ্হিৰ বেজ, টুপি, টি চাৰ্ট দেখিবলৈ পোৱা গৈছে ।

উল্লেখ্য যে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কূটাঘাটমূলক কিবা খবৰ পালে আৰক্ষী প্ৰশাসনক জনাবলৈ আহ্বান জনাইছে ।

উল্লেখ্য ৰাজধানী দিল্লীৰ লালকিল্লাতো স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলিছে । সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজধানী দিল্লীত কটকটীয়া নিৰাপত্তা কৰা হৈছে । লালকিল্লাৰ আশে-পাশে সাধাৰণ জনতাৰ বাবে যাতায়ত পুৱা ৪ বজাৰ পৰা ১০ বজালৈ বন্ধ থাকিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিল্লীৰ লালকিল্লাত পতাকা উত্তোলন কৰি ৭৭ সংখ্যক স্বাধীনতা দিৱসত দেশবাসীক সম্বোধন কৰিব ।

লগতে পঢ়ক : লালকিল্লাৰ আশে-পাশে সাধাৰণ জনতাৰ বাবে যাতায়ত পুৱা 4 বজাৰ পৰা 10 বজালৈ বন্ধ থাকিব