Local, Vocal, Global

77th Independence Day : স্বাধীনতা দিৱস উপলক্ষে ২১গৰাকী অসম আৰক্ষীলৈ আগবঢ়োৱা হ’ল বিশেষ সন্মান

নিউজ ডেস্ক, ১৪ আগষ্ট : মঙলবাৰে স্বাধীনতা দিৱস । সমগ্ৰ দেশতে স্বাধীনতা দিৱস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে । তাৰ মাজতে অসম আৰক্ষীলৈ এটা সুখবৰ । স্বাধীনতা দিৱসৰ পূৰ্বে ২১গৰাকী অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতি বিশেষ সন্মান আগবঢ়োৱা হৈছে ।

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সোমবাৰে ঘোষণা কৰে যে মঙলবাৰে উদযাপন হ’বলগীয়া ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অসম আৰক্ষীৰ ২১ গৰাকী অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান প্ৰদান কৰা হ’ব । অসমৰ ৮জন আৰক্ষীলৈ বীৰত্বৰ বাবে পুলিচ মেডেল প্ৰদান কৰা হৈছে (Police Medal for Gallantry) । সমান্তৰালকৈ ১৩জনকৈ আৰক্ষীলৈ উৎকৃষ্ট সেৱাৰ পদক প্ৰদান কৰা হ’ব ।

২১ গৰাকী অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতিয়ে স্বাধীনতা দিৱসৰ দিনটোত প্ৰদান কৰিব এই বিশেষ সন্মান । ইতিমধ্য়ে তালিকা উ

উৎকৃষ্ট সেৱাৰ বাবে মনোনিত হৈছে ৰাজ্যখনৰ ১৩ গৰাকীকৈ অসম আৰক্ষী । মুছলপুৰৰ SP ৰাজেন সিঙক আগবঢ়োৱা হ’ব উৎকৃষ্ট সেৱাৰ সন্মান , শালবাৰীথানা ৰূপজ্যোতি দত্ত , মাইবঙ থানাৰ দ্বিপেন পাতৰ , দাকুৰভিটা থানাৰ SI ৰাজকুমাৰ সিং , উলুবাৰী SI কমলেশ্বৰ পাণ্ডে , অভয়াপুৰী হাৱালদাৰ দিবেন চন্দ্ৰ বৰা , মান্দাকাটা SP সতীশ কুমাৰ, লখিমপুৰ কণিষ্টবল ইন্দ্ৰ দাস, অভয়াপুৰী হাৱালদাৰ ৰজনীকান্ত বৰ্মণ , দাকুৰভিটা ASI মনোৰঞ্জন কাকতি, শিৱসাগৰ কণিষ্টবল দিগন্ত বাগলাৰী, বঙাইগাঁও মহিলা কণিষ্টবল নিৰলাবালা কছাৰী আৰু উলুবাৰী ASI বিশ্বচন্দ্ৰ সিং আগবঢ়োৱা হ’ব এই সন্মান ।

আনহাতে অসমৰ ৮জন আৰক্ষীলৈ বীৰত্বৰ বাবে পুলিচ মেডেল প্ৰদান কৰা হ’ব । DSP আকাশ মেধি , SI লাটুক দাস , SI ৰিতুজ্যোতি নাথ, অতিৰিক্ত আৰক্ষী বিষয়া প্ৰকাশ সোণোৱাল , SI মোব্লিক ব্ৰক্ষ্ম, চেমচন টাৰো, জয়কিৰি টেৰণ আৰু নৱজ্যোতি ৰয়ক আগবঢ়োৱা বীৰত্বকৰ সন্মান ।

লগতে পঢ়ক : 77th Independence Day : ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে আজি দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব ৰাষ্ট্ৰপতিয়ে