Local, Vocal, Global

BJP Kisan Morcha leader suicide: ৰহস্যৰ ওৰ পৰা নাই বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ

নিউজ ডেস্ক, ১৪আগষ্ট : ৰহস্যৰ অন্ত পৰা নাই বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত । ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ঘটনাৰ সন্দৰ্ভত ন ন তথ্য । এই তথ্যই এতিয়াই চাঞ্চল্যৰ সৃষ্টি কৰিছে । বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ সন্দৰ্ভত নাম সাঙোৰ খাইছে ইজনৰ পিছত সিজনৰ । এই চাঞ্চল্যকৰ ঘটনাৰ সৈতে নাম সাঙোৰ খাইছে ৫জনকৈ লোকৰ ।

এই ঘটনাৰ সৈতে দ্বীপন ডেকা নামৰ এজন লোকে জড়িত থকাৰ অভিযোগ উঠিছে । দ্বীপন ডেকা নাম বিজেপি নেত্ৰী ফটো ভাইৰেল কাণ্ডৰ সৈতে সাঙোৰ খাইছে।

অভিযোগ মতে, মতে দ্বীপন ডেকাই ভাইৰেল কৰিছিল বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ ফটো। অৱশ্যে এই ঘটনাৰ তথ্য এইপৰ্যন্ত স্পষ্ট হোৱা নাই। এই আত্মাহত্যাৰ সৈতে নাম সাঙোৰ খাইছে দুই অভিযুক্তৰ নাম । অভিযুক্ত অনুৰাগ চলিহা আৰু অভিমন্যু দাস নাম ।কিন্তু বৰ্তমান পলাতক অৱস্থাত আছে এই দুই অভিযুক্ত(BJP Kisan Morcha leader suicide)।

আৰক্ষীয়ে এই বৰ্তমানলৈ অভিমন্যু আৰু অনুৰাগক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰু ঘটনা সন্দৰ্ভত কোনো ধৰণৰ বিশেষ তথ্য লাভ কৰা নাই । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । শীঘ্ৰেই এই চাঞ্চল্যকৰ আত্মাহত্যাৰ ৰহস্য পোহৰলৈ আহিব ।

উল্লেখ্য যে , বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনা ৰহস্যঘন ৷ প্ৰথমে সামাজিক মাধ্যমত ফটো ভাইৰেল, তাৰ পিছত বিজেপি নেত্ৰীৰ মৃত্যু ৷ ৬০ টাৰ অধিক শ্লিপিং টেবলেট লৈ মৃত্যু ইন্দ্ৰাণী তহবিলদাৰৰ ৷

নিজ ঘৰত শোৱণি কোঠাত মৃতদেহ উদ্ধাৰ বিজেপি কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদিকা ইন্দ্ৰাণী তহবিলদাৰৰ ৷ অত্যাধিক শ্লিপিং টেবলেট লৈ জীৱনৰ চৰম পন্থা গ্ৰহণ কৰিলে নেকি মহিলাগৰাকীয়ে ? বিজেপি নেত্ৰী গৰাকীৰ মৃত্য়ুৰ ঘটনাই দলৰ লগতে অঞ্চলজুৰি সৃষ্টি কৰিছে ৰহস্যৰ ৷ ভাইৰেল ফটোত থকা দ্বিতীয়জন ব্যক্তি গোলাঘাট জিলা বিজেপিৰ কৰ্মকৰ্তা অনুৰাগ চলিহা ৷ এইগৰাকী বিজেপিৰ পালিনেতা অনুৰাগ চলিহাই ফটো ভাইৰেল কৰাৰ সন্দেহ কৰিছিল আৰক্ষীয়ে ৷ পিছে আৰক্ষীৰ অধিক অনুসন্ধানত পোহৰলৈ আহিছে অনুৰাগ চলিহাক কিছুদিন পূৰ্বে এটা অঞ্চলত একাংশ যুৱক যুৱতীয়ে আবদ্ধ ৰখাৰ তথ্য ৷ অনুৰাগ চলিহাক আবদ্ধ কৰাৰ অন্যতম কাৰণ আছিল যুৱক যুৱতীক চৰকাৰী চাকৰি, ঠিকা প্ৰদানৰ বিনিময়ত যুৱক যুৱতীৰ পৰা ধন সংগ্ৰহ কৰা ৷

গোলাঘাটৰ বিজেপি নেতা অনুৰাগ চলিহাৰ লগত থকা আপত্তিজনক ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে শ্লিপিং টেবলেট খাই আত্মহত্যাৰ দৰে চৰম পথ বাছি লয় ইন্দ্ৰাণীয়ে । অনুৰাগ চলিহাৰ লগত থকা আপত্তিজনক ফটো কোনে সামাজিক মাধ্যমত ভাইৰেল কৰিলে তাৰ অনুসন্ধানত নামি পৰিছে আৰক্ষী ।

কাৰ মোবাইলৰ পৰা প্ৰথমে ফটো ভাইৰেল হ’ল সেই বিষয়ে তদন্ত অব্যাহত ৰাখিছে অৰক্ষীয়ে । কিন্তু এই ঘটনা সন্দৰ্ভত আৰক্ষী আৰু বিজেপি কৰ্মীয়ে কোনোৱে বৰ্তমানলৈ মুখ খোলা নাই । বিজেপি কৰ্মী হোৱা হেতুকে ধন সংগ্ৰহৰ বাট মুকলি কৰিছিল অনুৰাগ চলিহাই ৷ পিছে প্ৰৱঞ্চক অনুৰাগ চলিহাই সংগ্ৰহ কৰা ধন উভতাই দিব নোৱাৰাত বহুলোকে কাঢ়ি লৈছিল প্ৰৱঞ্চকটোৰ মোৱাইল, ঘড়ী তথা অন্যান্য সামগ্ৰী আৰু সেই স্থানৰ পৰাই অৱশেষত টকা উভতাই দিব নোৱাৰা অনুৰাগৰ মোবাইলত আৱদ্ধ হৈছিল গোপন ফটো, ভিডিঅ ।

সেই ভিডিঅ’ ভাইৰেল কৰিছিল । চাকৰি, ঠিকাৰ নামত সংগ্ৰহিত ধনৰ সতে অনুৰাগ চলিহাৰ লগত আত্মহনন কৰা বিজেপি নেত্ৰীগৰাকী জড়িত আছিল নে নাই, সেয়া এতিয়াও স্পষ্ট নহয় ৷ পিছে দুৰ্ভাগ্যজনক এই ঘটনা সংঘটিত হোৱাৰ পিছতহে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

অৱশ্যে এতিয়াও পৰিয়ালৰ লোকে চান্দমাৰী আৰক্ষীত ৰুজু কৰা নাই গোচৰ ৷ আৰক্ষীৰ নিজাববীয়া UD গোচৰৰ ভিত্তিত আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া ৷ প্ৰাথমিক অভিযুক্ত অনুৰাগ চলিহাক বিচাৰি আৰক্ষীৰ আৰম্ভ হৈছে তদন্ত ৷ ২৪ ঘণ্টাৰ ভিতৰত অনুৰাগক হাজিৰৰ নিৰ্দেশ চান্দমাৰী আৰক্ষীৰ ৷ আৰক্ষীৰ নিৰ্ধাৰিত সময়ত অনুৰাগ উপস্থিত হয় নে নহয় সেয়া সময়ত লক্ষণীয় হ’ব ৷

লগতে পঢ়ক :BJP Kisan Morcha leader suicide : ২৪ ঘণ্টাৰ ভিতৰত অনুৰাগ চলিহাক থানাত হাজিৰৰ নিৰ্দেশ চান্দমাৰী আৰক্ষীৰ