Local, Vocal, Global

77th Independence Day : ক’ত, কোনজন মন্ত্ৰীয়ে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব, তালিকা প্ৰকাশ

নিউজ ডেস্ক, ১৪ আগষ্ট : মঙলবাৰে দেশবাসীয়ে উদযাপন কৰিব ৭৭ সংখ্যক স্বাধীনতা দিৱস ৷ ইতিমধ্যে অসম চৰকাৰেও প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কোন মন্ত্ৰীয়ে ক’ত পতাকা উত্তোলন কৰিব ইতিমধ্যে চৰকাৰে তালিকা প্ৰকাশ কৰিছে ৷

ৰাজা ঘৰ, প্ৰজা ঘৰ সকলোতে মঙলবাৰে দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব ৷ সকলোতে প্ৰস্তুতি তুংগত উঠিছে । অসম চৰকাৰেও এইবাৰ স্বাধীনতা দিৱস উদযাপন কৰাৰ বাবে অসমৰ জিলাসমূহৰ ক’ত, কোন মন্ত্ৰী উপস্থিত থাকিব আৰু কোনে ক’ত জাতীয় পতাকা উত্তোলন কৰিব তাৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে ৷

গুৱাহাটীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰিব । গোলাঘাটত অতুল বৰাই, শোণিতপুৰত চন্দ্রমোহন পাটোৱাৰী,যোৰহাটত অজন্তা নেওগ, নগাঁৱত পীযুষ হাজৰীকা, লখিমপুৰত কেশৱ মহন্ত, বৰপেটাত ৰণজিৎ কুমাৰ দাস, দৰং জিলাত উৰ্খাও গৌড়া ব্ৰহ্ম, শিলচৰত পৰিমল শুক্লবৈদ্য, কোকৰাঝাৰত প্ৰমোদ বড়ো, ডিফুত তুলিৰাম ৰংহাং, হাফলঙত দেবলাল গাৰ্লোচা, ওদালগুৰিত গোবিন্দ বসুমতাৰী ঠিক সেইদৰে শিৱসাগৰত জয়ন্ত মল্ল বৰুৱা, গোৱালপাৰাত অশোক সিংহল আৰু কামৰূপ গ্ৰাম্য বিমল বড়াই পতাকা উত্তোলন কৰিব ।

একেদৰে তিনিচুকীয়াত নন্দিতা গাৰ্লোচা, ডিব্ৰুগড়ত শিক্ষামন্ত্ৰী ৰণোজ পেগু, নলবাৰীত সঞ্জয় কৃষণ আৰু বঙাইগাঁৱত যোগেন মহন ।

উল্লেখ্য প্ৰত্যেক বছৰৰ দৰে এইবাৰো আলফা স্বাধীনৰ দ্বাৰা ৰাজ্যত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ কাৰ্যসূচী বৰ্জন কৰিছে । ইয়াৰ মাজতে ৰাজ্য চৰকাৰে সুৰক্ষাৰ দিশত নিৰাপত্তা বেষ্টনী আৰু অধিক কটকটীয়াকৈ গঢ়ি তুলিছে ৷

লগতে পঢ়ক : 77th Independence Day : স্বাধীনতা দিৱসৰ বাবে মহানগৰীত কটকটীয়া নিৰাপত্তা