Local, Vocal, Global

দোকানৰ কেচ বাকচৰ টকা চুৰি কৰি ৰঙাঘৰৰ আলহী হ’ল চোৰ

নগৰবেৰাৰ টুপামাৰী বজাৰত চাঞ্চল্য

দোকানৰ কেচ বাকচৰ টকা চুৰি কৰি ৰঙাঘৰৰ আলহী হ’ল চোৰ

চিচি টিভিত বন্দী হোৱা ভিডিঅ’ চাই আটক কৰিলে চোৰক

নগৰবেৰাৰ  টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত টুপামাৰী বজাৰত  সংঘটিত হয় এক চাঞ্চল্যকৰ চুৰিকাণ্ড

 

বজাৰখনৰ ওৱাজেদ আলী নামৰ এজনৰ পাইকাৰী গেলামালৰ দোকানৰ পৰা দোকানৰ কৰ্মচাৰী আজিজুল হকে (২৪) দোকানৰ কেচ বাকচৰ পৰা টকা চুৰি কৰাৰ সমগ্ৰ দৃশ্য বন্দী হয় চিচি কেমেৰাত

 

আজিজুল হকক সোধপোছ কৰাত স্বীকাৰ কৰে চুৰি কাণ্ডৰ কথা

 

পূৰ্বেও হেনো আজিজুল আৰু গাঁৱৰে ফুলচান্দ নামৰ বন্ধুই একেখন দোকানৰ পৰৰ চুৰি কৰিছিল মোটা অংকৰ ধন

 

দোকানী আৰু স্থানীয় ৰাইজে মিলি দুয়োকো উত্তম-মধ্যম শোধাই গটাই দিয়ে টুপামাৰী আৰক্ষীক ,দোকানী ওৱাজেদ আলীৰ অভিযোগ অনুসৰি দোকানখনত পূৰ্বে সংঘটিত হৈছে একাধিক চুৰিকাণ্ড

 

হাতে-লোটে ধৰি আৰক্ষীক চমজাই দিয়া চোৰৰ ওপৰত আৰক্ষীয়ে কেনে স্থিতি লয় ,সেয়াহে লক্ষণীয়।