Local, Vocal, Global

আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ তৰ্ক যুদ্ধ

ৰঙিয়াত মুল্য বৃদ্ধিৰ বিৰুদ্ধে আছুৰ অভিনৱ প্ৰতিবাদ । আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ তৰ্ক যুদ্ধ ।

সমগ্ৰ দেশৰ লগতে অসমটো শেহতীয়া ভাবে অত্যাধিক হাৰত বৃদ্ধি পাইছে পেট্ৰল, ডিজেল, ৰন্ধন গেছ আদিকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মুল্য । ৰাজ্য খনত এনেদৰে সকলো প্ৰকাৰ সামগ্ৰীৰ মুল্য বৃদ্ধি হোৱাৰ প্ৰতিবাদত বৃহস্পতিবাৰে ৰঙিয়াত ছাত্ৰ সন্থাই এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে।

ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদকাৰী  সকলে হাতে হাতে বিভিন্ন বেনাৰ,প্লে’কাৰ্ড , কান্ধত  পেট্ৰল ভৰ্ত্তি বটলৰ লগতে পেট্ৰল বিহীন চাৰিচকীয়া আৰু দুচকীয়া বাহন ঠেলি নি অভিনৱ পদ্ধতিৰে  প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী  সকলে মাইকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী প্ৰচাৰৰ  ভাষন এটাৰ লগত সুৰ মিলাই “পেট্ৰলকা দাম কম হুয়ে কি নেহি হুয়ে” নেহি হুয়ে , “ডিজেল কা দাম কম হুয়ে কি নেহি হুয়ে” নেহি হুয়ে, “আপকা জেপ মে পইচা বাচনে লাগা কি নেহি লাগা” নেহিলাগা, “আপকা ফাইদা হুৱা কি নেহি হুৱা” নেহী হুৱা আদি ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

ইফালে ৰঙিয়াৰ ঐতিহাসিক ৰাইজমেল কৃষক শ্বহীদ ভৱনৰ সন্মুখৰ পৰা ছাত্র নেতা হেমন্ত দাসৰ নেতৃত্বত প্ৰতিবাদী দলটোৱে প্ৰতিবাদ আৰম্ভ কৰাৰ কিছু মূহুৰ্তৰ পিচতে দণ্ডাধিশৰ উপস্থিত আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক বাধা প্ৰদান কৰে । উক্ত সময়তে আৰক্ষীৰ লগত আছু কৰ্মী সকলৰ তৰ্ক যুদ্ধ হয় ।

পিচত আৰক্ষীয়ে  প্ৰতিবাদকাৰী সকলক আটক কৰি থানা চৌহদৰ অস্থায়ী কাৰাগাৰত আবদ্ধ কৰি ৰাখি পিছত অৱশ্যে মুকলি কৰি দিয়ে।