Local, Vocal, Global

তালিবানী কৌশলৰে ডকাইতি কাণ্ড

ভাতনাপাইতিত চাঞ্চল্যকৰ ডকাইতি কাণ্ড । তালিবানী কৌশলৰে ডকাইতৰ দলে হাত ভৰি বান্ধি আৰু মুখত সোপা দি ধৰ্ষণৰ প্ৰচেষ্টাৰে চলালে লুট-পাট । নগদ ধন-গহণাৰ লগতে প্ৰয়োজনীয় নথি পত্ৰও নিলে ডকাইতৰ দলে

 

বাঘবৰৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাতনাপাইতি গাঁৱত নিশা ২.৩০ বজাত সাত জনীয়া ডকাইতৰ দলে একাব্বৰ আলীৰ ঘৰত কৰিলে চাঞ্চল্যকৰ ডকাইতি কাণ্ড

একাব্বৰ আলী ঘৰত নথকা অৱস্থাত ঘৰৰ দুৱাৰ ভাঙি ঘৰত প্ৰবেশ কৰে দকাইতৰ দলটি

ডকাইতৰ দলে ঘৰত প্ৰবেশ কৰিয়েই একাব্বৰ আলীৰ পত্নী আমেলা খাতুনৰ গাত হাত দিয়াত আমেলা খাতুনে সাৰ পাই চিঞৰ-বাখৰ কৰিব খোজাতেই মহিলা গৰাকীৰ  হাত,ভৰি আৰু মুখত কাপোৰ দি বিচনাৰ সতে বান্ধি সম্পূৰ্ণ তালিবানী কায়দাৰে চলালে লুটপাত

আনকি টেবুল আৰু ট্ৰাঙ্কৰ চাবি নিদিয়াতে ক্ষুন্ন হৈ ডকাইতৰ দলে মহিলা গৰাকীক ধৰ্ষণৰ ভাবুকি দি দেহত হাত দিয়া বুলি ক’লে ভুক্তভোগী মহিলা গৰাকীয়ে

ভুক্তভোগী আমেলা খাতুনে জানিব দিয়া মতে ডাকইতৰ দলত ভাতনাপইতি গাঁৱৰ  আবু ছেলিম (মদন) আৰু এজন ছয়সীমানা গাঁৱৰ জনৈক ইছমাইল নামৰ এজনক চিনি পায় যদিও আন্ধাৰৰ বাবে বাকী বোৰক চিনিব নোৱাৰিলে