Local, Vocal, Global

জাগীৰোডত ভেকুলী বিয়াৰ আয়োজন

শাওন মাহ পথাৰত ব্যস্ত খেতিয়ক সকল ৷বছৰটোৰ ভাত মুঠি জোগাৰ কৰিবৰ বাবি চহা খেতিয়কে নামি পৰিছে পথাৰত ৷কিন্তু

ৰাজ্যত চলিছে ক’ভিড প্ৰট’কল ৷ সকলো বন্ধ ৷ ঘৰৰ পৰা কোনেও বিনা কাৰণত উলাব সোমাব নোৱাৰা পৰিৱেশ ৷ কিন্তু তাৰ মাজতে বিয়াৰ আয়োজন ৷ কি দৰাঘৰীয়া, কি কইনাঘৰীয়া – নাচিবাগি সকলোৱে আনন্দত মতলীয়া ৷ দৰা কইনাক নোৱাইছে-ধুৱাইছে ৷ আয়তিৰ উৰুলি আৰু বিয়া নামেৰে মুখৰিত হৈছে ৰভাতলী ৷

পিছে এই ক’ভিড কালত কাৰ বিয়া ? আছলতে এয়া ভেকুলী বিয়া ৷ জাগীৰোডৰ বাংঠাইগাঁৱৰ ৰাইজে উলহমালহেৰে পাতিছে এই বিয়া ৷ বাৰিষাৰ বতৰ যদিও, বিগত কেইবামাহ ধৰি জাগীৰোডত হোৱা নাই আশানুৰূপ বৰষুণ ৷ ফলত সমস্যাত পৰিছে কৃষিজীৱী ৰাইজ ৷

শাওণ মানেই কৃষকৰ সীমাহীন ব্যস্ততা বুলি সকলোৱে জানে যদিও জাগীৰোডৰ ৰাইজৰ মনত অনিশ্চয়তা ৷ পথাৰত নাই পানী, ভূই ৰুব নোৱাৰি চিন্তিত সকলো ৷ সেয়ে বৰষুণ আহক বুলি জাগীৰোডৰ বাংঠাইগাঁৱৰ ৰাইজে পূৰ্বৰ পৰম্পৰা অনুযায়ী পাতিলে ভেকুলীৰ বিয়া ৷

আৰু ভেকুলী বিয়াৰ পৰিৱেশ এয়া ৷ এতিয়া প্ৰশ্ন হয়, সঁচাকৈয়ে ভেকুলীৰ বিয়া পাতিলে হয় নেকি বৰষুণ ? নে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ যুগতো এয়া এক কেবল অন্ধবিশ্বাস মাথো !