ত্ৰিপুৰাত সলনি হৈছে ৰাজনৈতিক পটভূমি,পৰাজিত হ’ব নেকি গেৰুৱাবাহিনী ?
অহা ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব ত্ৰিপুৰা বিধানসভাৰ সাধাৰণ নিৰ্বাচন। নিৰ্বাচনী ফলাফল ঘোষণা কৰা হব ২ মাৰ্চত। কিন্তু নিৰ্বাচনৰ ভোটগ্ৰহণ হবলৈ মাজত এদিন থকা অৱস্থাত চিপিএমৰ জ্যেষ্ঠ নেতা সীতাৰাম য়েচুৰীয়ে সংবাদ মাধ্যমৰ আগত কৈছে যে এইবাৰ ত্ৰিপুৰাত কংগ্ৰেছ আৰু বাঁওপন্থী দলৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত হৈছে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি বাঁওপন্থী দলৰ দখলত থকা ত্ৰিপুৰাত যোৱা সাধাৰণ নিৰ্বাচনত পৰাজিত হৈছিল বাঁওপন্থী শিবিৰ। ২০১৮ চনত অনুষ্ঠিত হোৱা বিধানসভাৰ সাধাৰণ নিৰ্বাচনত ত্ৰিপুৰাৰ ভোটাৰ ৰাইজে বিজেপিৰ হাতত ন্যস্ত কৰিছিল শাসনৰ বাঘজৰী। ৬০জনীয়া ত্ৰিপুৰা বিধানসভাত বিজেপিয়ে ৩৬খন আসন লাভ কৰি পোনপ্ৰথমবাৰৰ বাবে ত্ৰিপুৰাত গঠন কৰিছিল হিন্দুত্ববাদী আদৰ্শৰ চৰকাৰ। কিন্তু পৰৱৰ্তী সময়ত বিজেপিৰ নেতৃত্বত ভুল সিদ্ধান্ত আৰু দমনমূলক নীতিয়ে অতীষ্ঠ কৰি তোলে ত্ৰিপুৰাৰ খিলঞ্জীয়া জনসাধাৰণক। কেৱল ধৰ্মীয় আৱেগ সৃষ্টি কৰিয়েই ত্ৰিপুৰা দখলৰ যি কৌশল গেৰুৱাবাহিনীয়ে ৰচনা কৰিছিল তাক বুজিবলৈ ত্ৰিপুৰাবাসীৰ সৰহ সময় নালাগিল। এই প্ৰসংগত জ্যেষ্ঠ বাঁওপন্থী নেতা সীতাৰাম য়েচুৰীয়েও তীব্ৰ ভাষাত সমালোচনা কৰিছে বিজেপিক। ২০১৮ৰ সাধাৰণ নিৰ্বাচনত জনজাতীয় অধ্যুষিত অঞ্চলত বিজেপিয়ে ভাল ফল দেখুৱাবলৈ সমৰ্থ হৈছিল। কিন্তু এইবাৰ পৰিস্থিতি বিপৰীত হৈছে কিয়?
২০১৮ত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত জনজাতীয় এলেকাত বিজেপিয়ে ১৮খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। উল্লেখ্য যে ত্ৰিপুৰা বিধানসভাৰ মুঠ ৬০খন আসনৰ ভিতৰত ২০খন আসন খিলঞ্জীয়া জনজাতিসকলৰ বাবে সংৰক্ষিত থাকে। আৰু যোৱা বিধানসভা নিৰ্বাচনত এই সংৰক্ষিত আসনৰ আটাইকেইখনতে নিজা প্ৰাৰ্থী দিছিল বিজেপিয়ে। আৰু সেইমতে বিজেপিয়ে সফলতাও লাভ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত খিলঞ্জীয়া জনজাতিসকলৰ স্বাৰ্থৰক্ষাৰ বিপৰীতে বিজেপিয়ে ত্ৰিপুৰাতো ধৰ্মীয় মেৰুকৰণ আৰু জাত-পাতৰ ৰাজনীতি আৰম্ভ কৰে। আৰ এছ এছৰ একাংশ প্ৰচাৰকে ত্ৰিপুৰাৰ খিলঞ্জীয়া জনজাতিসকলক হিন্দুত্ববাদৰ প্ৰশিক্ষণ দিবলৈ গ্ৰহণ কৰিছিল বহু কাৰ্যসূচী। আৰু এনে কাৰ্যৰ বাবে খিলঞ্জীয়াসকল বিতুষ্ট হৈ উঠে গেৰুৱাবাহিনীৰ বিৰুদ্ধে। বিজেপিয়ে এই অসন্তুষ্টিৰ উমান পাই জনজাতীয় এলেকাত ২০খন আসনৰ ভিতৰত মাত্ৰ ৫খন আসনতহে নিজৰ প্ৰাৰ্থী দিছে। অন্য ৪০টা সমষ্টিতো নিৰ্বাচনী বতাহ বিজেপিৰ প্ৰতিকূলে বব লাগিছিল। ঠিক সেই সময়ত ১৪ ফেব্ৰুৱাৰীত চিপিএমৰ অন্যতম জ্যেষ্ঠ নেতাগৰাকীয়ে ত্ৰিপুৰাত বাঁওপন্থী আৰু কংগ্ৰেছ মিত্ৰ শক্তিৰ চৰকাৰ হব বুলি ঘোষণা কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ। অৱশ্যে ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ লগত উত্তৰ পূৰ্বাঞ্চলৰ বিজেপিৰ ৰাজনৈতিক ভৱিষ্যতো বহুলাংশে নিৰ্ভৰ কৰে। তেনে পৰিস্থিতিত যদি ত্ৰিপুৰাত কংগ্ৰেছ আৰু বাঁওপন্থী শক্তিৰ চৰকাৰ গঠিত হয়, তেন্তে উত্তৰ পূৰ্বাঞ্চলত বিজেপিৰ ৰাজনৈতিক লাভ অধোগামী হোৱাটো প্ৰায় নিশ্চিত। অৱশ্যে বিজেপি কিম্বা বিজেপিবিৰোধী ৰাজনৈতিক শক্তিৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব ত্ৰিপুৰাৰ ভোটাৰ ৰাইজেহে। আৰু সঠিক ছবি স্পষ্ট হৈ উঠিব অহা ২ মাৰ্চত।