Local, Vocal, Global

তেলেংগনাত যাত্ৰীবাহী ৰে’লৰ ডবাত লাইন বিচ্যুতি !

বুধবাৰে ৰে’ল বিষয়াসকলে জানিবলৈ দিয়ে যে বিবিনগৰ আৰু ঘাটকেচৰৰ মাজত গোদাৱৰী এক্সপ্ৰেছৰ প্ৰায় ছয়টা ডবাত লাইন বিচ্যুতি হয় ।অন্ধ্ৰপ্ৰদেশৰ বিশাখাপত্তনমৰ পৰা হায়দৰাবাদলৈ যাওঁতে গোদাৱৰী এক্সপ্ৰেছত থকা যাত্ৰীসকলে বুধবাৰে পুৱা হায়দৰাবাদৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত বিবিনগৰ আৰু ঘাটকেচৰ ৰে’ল ষ্টেচনৰ মাজৰ অংকুশাপুৰ গাঁৱৰ ওচৰত ছয়টা ডবাত লাইন বিচ্যুতি হয়।

খবৰ অনুসৰি এই ঘটনাত কোনো যাত্ৰী আঘাতপ্ৰাপ্ত হোৱা নাই।ঘটনাৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই।

এক বিবৃতিত অনুসৰি “যাত্ৰীসকলক লাইন বিচ্যুতি ৰে’লখনৰ পৰাই নমাই ৰে’লখন ঠিক কৰা হৈছে।”