Local, Vocal, Global

Watch | The annual conference of the Mader clan of the Tiwa community: জাগীৰোডত তিৱা জনগোষ্ঠীৰ খলাৰ মাদাৰ বংশৰ বাৰ্ষিক অধিৱেশন সম্পন্ন

জাগীৰোড: জাগীৰোড নখোলাত দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে তিৱা জনগোষ্ঠীৰ খলাৰ , মাদাৰ বংশৰ বাৰ্ষিক অধিৱেশন খনি দিনযোৰা কাৰ্যসূচীৰে পালন কৰে ৷ জাগীৰোডৰ বিভিন্ন অঞ্চলত বসবাস কৰা তিৱা জনগোষ্ঠীৰ খলাৰ , মাদাৰ বংশৰ লোক সকলে অধিৱেশনত অংশগ্ৰহণ কৰে ৷

অধিৱেশনৰ প্ৰথম কাৰ্যসূচী হিচাপে বংশৰ লোক সকলৰ মাজত নিমখ বিতৰণ কৰে ৷ এইবাৰ পোনপ্ৰথমবাৰৰ বাবে বংশৰ লোক সকলৰ মাজত মাংস বিতৰণ কৰে ৷ তিৱা জনগোষ্ঠীৰ খলাৰ,মাদাৰ বংশৰ জাগীৰোড অঞ্চলৰ প্ৰয়াত লোক সকলৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰা হয় ৷ ইয়াৰ পিছতে অসম সৌৰভ গুৰু নাদিৰাম দেউৰীৰ সভাপতিত্ব অনুস্থিত হোৱা সভাত তিৱা জনগোষ্ঠীৰ খলাৰ , মাদাৰ বংশৰ লোক সকল উপস্থিত থাকে ৷

সভাত উপস্থিত থাকি অসম সৌৰভ বঁটা প্ৰাপ্যক গুৰু নাদিৰাম দেউৰীয়ে কয় যে তিৱা জনগোষ্ঠীৰ খলাৰ আৰু মাদাৰ বংশৰ লোক সকলক সকলো ফালৰ পৰা সহায় সহযোগিতা আগবঢ়াই নিবৰ বাবে প্ৰচেষ্টা কৰা হৈছে ৷

‘ৰাস্তাত আন্দোলন কৰাতকৈ আমি আমাৰ বংশৰ ল’ৰা ছোৱালী সকলক পঢ়া-শুনাত বিশেষভাবে আগবঢ়াই নিব লাগিব ৷ ৰাস্তাৰ আন্দোলনে তিৱা জাতিক কেতিয়াও উন্নয়নৰ দিশত আগবঢ়াই নিব নোৱাৰে’ বুলি মন্তব্য কৰে অসম সৌৰভ বঁটা প্ৰাপ্যক গুৰু নাদিৰাম দেউৰীয়ে ভাষণ প্ৰসংগত ব্যক্ত কৰে ৷

তিৱা জনগোষ্ঠীৰ খলাৰ , মাদাৰ বংশৰ সাধাৰণ সম্পাদক কামেশ্বৰ পাতৰে আঁতধৰা অনুস্থানটোত কেইবাগৰাকীও বয়োজ্যেষ্ঠ ব্যক্তি আৰু কৃৰ্তী ছাত্ৰছাত্ৰীক ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয় ৷

তিৱা জনগোষ্ঠীৰ খলাৰ , মাদাৰ বংশৰ উন্নয়নৰ হকে আগন্তুক দিনত কামকাজ কৰিবৰ বাবে গুৰু নাদিৰাম দেউৰীক সভাপতি , কামেশ্বৰ পাতৰক সাধাৰণ সম্পাদক আৰু বৰ জেলাৰ কুমলসিং পাতৰ আৰু সৰু জেলাৰ হিচাবে মুন বৰদলৈক নিৰ্বাচিত কৰি এখন শক্তিশালী সমিতি গঠন কৰে ৷ এটি তিৱা সমবেত গীতেৰে অধিৱেশন খনিৰ সফল সামৰণি পৰে ৷