Local, Vocal, Global

ভয়ংকৰ পথ দুৰ্ঘটনা ! থিতাতে নিহত ৬ জন…

ডিজিটেল ডেস্ক:- শোকাৱহ পথ দুৰ্ঘটনা।উত্তৰ প্ৰদেশৰ বলৰামপুৰত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে।এখন ট্ৰাক আৰু এখন চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়।সংঘৰ্ষৰ ফলত একেটা পৰিয়ালৰে ৬ জন লোকৰ মৃত্যু হয়। মৃতসকলৰ ভিতৰত আছে ৩ টা শিশু।

জানিব পৰা মতে মৃত পৰিয়ালটো দেওৰিয়া জিলাৰ বাসিন্দা আছিল । তথ্য অনুসৰি, শনিবাৰে ৰাতিপুৱা শ্ৰীদত্তগঞ্জ আৰক্ষী থানা অঞ্চলৰ দেওৰিয়া ম’ৰৰ মাজেৰে এখন বিলাসী বাহন আহি আছিল।সেই সময়তে,বিপৰীত দিশৰ পৰা এখন ট্ৰাকৰ সৈতে বাহনখনৰ মুখামুখি সংঘৰ্ষ হয়।

সংঘৰ্ষটোৰফলত গাড়ীখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়। লগতে গাড়ীখনত থকা তিনিটা শিশুসহ ছয়জন লোকৰ থিতাতে নিহত হয়।দুৰ্ঘটনাটোৰ পিছত আৰক্ষী উপস্থিত হয়।ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু মৃতদেহটো দখল কৰে আৰু অনুসন্ধান আৰম্ভ কৰে।