Local, Vocal, Global

মৰিয়নীত নৃশংস হত্যাকাণ্ড! ভাতৃয়ে হত্যা কৰিলে ভাতৃত

ডিজিটেল ডেস্ক:- মৰিয়নীত হত্যাকাণ্ড।মৰিয়নীৰ খেৰমিয়া চাহ বাগিচাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড ঘটনা। শুকুৰবাৰে নিশা সংঘটিত হয় হত্যাকাণ্ডটো।ভাতৃয়ে হত্যা কৰিলে ভাতৃত।

এক সামান্য কথাত বাক বিতণ্ডা লগাৰ পৰিণতিত কনিষ্ঠ ভাতৃ কাৰ্তিক কৰ্মকাৰৰ দাৰ ঘাপত মৃত্যু হয় জ্যেষ্ঠ ভাতৃ বোৱাই কৰ্মকাৰ।

শনিবাৰে পুৱা ঘটনাস্থলীত মৰিয়নী আৰক্ষীৰ এটা দল উপস্থিত হয়। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে হত্যাকাৰী কাৰ্তিক কৰ্মকাৰক কৰায়ত্ব কৰি তদন্ত অব্যাহত ৰাখিছে।