Local, Vocal, Global

আজি বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ খেল…

ডিজিটেল ডেস্ক:- বহু প্ৰতীক্ষাৰ অন্তত আজি IPLৰ দ্বিতীয় খন মেচ ।আজি বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব IPL ৰ দ্বিতীয়খন মেচ।দিল্লী কেপিটেলছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হ’ব বহু প্ৰতীক্ষিত খেলখন।বিয়লি ৩ বাজি ৩০ মিনিটত আৰম্ভ হ’ব খেলখন। দিনৰ ১ বজাৰ পৰা দৰ্শকৰ বাবে মুকলি কৰি দিব প্ৰৱেশ দ্বাৰ।৬ এপ্ৰিলত দিল্লী কেপিটেলছে গুৱাহাটীত আহি উপস্থিত হয়।৫ এপ্ৰিলত বৰ্ষাপাৰাত সফলতাৰে IPL ৰ প্ৰথমখন মেচ অনুষ্ঠিত হোৱাৰ পিছত দ্বিতীয়খন মেচৰ বাবে সাজু হৈছে বৰ্ষাপাৰা ষ্টেডিয়াম।
৮ এপ্ৰিলত বৰ্ষাপৰা ক্ৰিকেট ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে IPLৰ ৰণত নামিব দিল্লী কেপিটেলছে। IPL ২০২৩ ত দিল্লী কেপিটেলছৰ এইয়া তৃতীয়খন খেল আৰু ৰাজস্থান ৰয়েলছৰ দ্বিতীয়খন । বৰ্তমানলৈকে দুয়োটা দলে এখন খেলতো জয়লাভ কৰিবলৈ সক্ষম হোৱা নাই।