Local, Vocal, Global

অভিযন্তাই নিৰ্মাণ কৰিলে পাৱাৰটিলাৰ

89

মাত্ৰ দহৰ পৰা পোন্ধৰ হাজাৰ টকা খৰচ কৰি হালবোৱা এক যন্ত্ৰ সাজি উলিয়াই চমক সৃষ্টি কৰিছে টীয়কৰ মেলং গায়ন গাঁৱৰ  দেবজিত দত্ত নামৰ যুৱকএজনে। ক’ৰোনা ভাইৰাছ প্ৰতিৰোধ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ সময়চোৱাত দেৱজিতে স্কুটাৰৰ ইঞ্জিনেৰে সাজি উলিওৱা এই হালবোৱা যন্ত্ৰটোৰে এক লিটাৰ পেট্ৰলৰে প্ৰায় ডেৰবিঘা মাটি অনায়েসে হাল বাব পাৰি বুলি জানিবলৈ দিয়ে দেৱজিতে। ইলেকট্ৰনিক বিষয়ত বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰা যুৱকজনে লক ডাউনৰ সময়ত এই যন্ত্ৰটো আৱিষ্কাৰ কৰি প্ৰমাণ কৰি দেখুৱালে দৰিদ্ৰতা প্ৰতিভা বিকাশৰ অন্তৰায় নহয়। দেৱজিতৰ এই সফলতাই এতিয়া দৰিদ্ৰ কৃষকৰ বাবে আশাৰ দিগন্ত সুচনা কৰিছে।