Local, Vocal, Global

ভাৰতত ২৪ ঘন্টাত পুনৰ আক্ৰান্তৰ অভিলেখ।

48

এদিনতে দেশত ২৭,২১৪ গৰাকী আক্ৰান্ত,মৃত্যু ৫৪১ গৰাকীৰ।
ভাৰতত এইপৰ্যন্ত ৮,৫০,৩৫৮ আক্ৰান্ত,মৃত্যু ২২,৬৮৭ গৰাকীৰ।
দেশত আক্ৰান্তৰ ৯০ শতাংশ ৮ৰাজ্যৰ হোৱাৰ বিপৰীতে কৰ’নাত মৃত্যু হোৱা ৮৬ শতাংশ ৬ ৰাজ্যৰ।
সৰ্বাধিক ক্ষতিগ্ৰস্ত মহাৰাষ্ট্ৰত ২,৩৮,৪৬১ গৰাকী আক্ৰান্তৰ বিপৰীতে মৃত্যু হৈছে ৯,৮৯৩ গৰাকীৰ।ৰাজ্যখনৰ পুনেত এদিনতে ১,৫৯৮ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু ঘটিছে ২৮ গৰাকীৰ।
আক্ৰান্তৰ সংখ্যাৰে দ্বিতীয় স্থানত থকা তামিলনাদুত ১,৩০,২৬১ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে ১,৮২৯ গৰাকীৰ মৃত্যু ঘটিছে।কেৱল চেন্নাইতে কৰ’নাত আক্ৰান্ত হৈছে ৫৯ শতাংশ লোক।
১,০৯,১৪০ গৰাকী আক্ৰান্তৰে তৃতীয় স্থানত থকা দিল্লীত এই পৰ্যন্ত মৃত্যু ঘটিছে ৩,৩০০ গৰাকীৰ।
বিশ্বত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ১২,৮৪৪,৪১১লৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যুৰ সংখ্যা ৫৬৭,৬৫৭লৈ বৃদ্ধি পাইছে।।