Website Design: dastechnologies.in
পুঠিমাৰী নৈৰ বাঢ়নি পানীয়ে ৰঙিয়াৰ বগৰীবাৰীত মথাউৰি ছিঙাৰ পিচত কমলপুৰ আৰু হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত কাবিলা, মনাহকুছি, কছুৱাৰবড়ী আদি অঞ্চলত বিভীষিকাৰ সৃষ্টি কৰিছে। নিশা ১২ বজাত মনাহকুছি, কছুৱাৰবড়ীত নৈখনৰ দক্ষিণ দিশত আৰু কাবিলাত পুঠিমাৰী নৈৰ উত্তৰ দিশৰ মথাউৰি ছিঙি বিস্তৃৰ্ণ অঞ্চল বুৰাই পেলোৱাৰ ফলত হাহাকাৰৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত। চাৰি ঠাইৰ ভগ্ন মথাউৰিৰে তীব্ৰ বেগে ওলাই থকা নৈখনৰ বাঢ়নি পানীয়ে শতাধিক লোকৰ ঘৰ-বাৰী বুৰাই বিস্তৰ ক্ষতি সাধন কৰাটো নিশ্চিত হৈ পৰিছে ।