Telangana Assembly Elections 2023 : পুৱা ৭ বজাৰ পৰা আৰম্ভ তেলেংগনা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া
নিউজ ডেস্ক, ৩০ নৱেম্বৰ : বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে তেলেংগনা বিধানসভা নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে এই নিৰ্বাচন । ৰাজ্যখন প্ৰায় ১১৯ টা বিধানসভা সমষ্টিৰ বাবে চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া(Telangana Assembly Elections 2023 )।
আজি অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোটগ্ৰহণ হ’ব ৩ ডিচেম্বৰত । উক্ত দিনটোতে ঘোষণা কৰা হব আন চাৰিখন ৰাজ্যৰ নিৰ্বাচনী ফলাফল ।
উল্লেখ্য যে, এইবাৰ তেলেংগনা নিৰ্বাচনী যুঁজত ২২৯০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।প্ৰতিদ্বন্দ্বিসকলৰ ভিতৰত ২২১ গৰাকী মহিলা আৰু এগৰাকী তৃতীয় লিংগৰ লোক আছে। ৰাজ্যখনত প্ৰায় ৩.১৭ কোটি ভোটাৰ আছে(Telangana Assembly Elections)।
তেলেংগনা বিধানসভা নিৰ্বাচন ভোটগ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সকলো ভোটাৰক বহুমূলীয়া ভোটদান কৰিবলৈ আহ্বান জনাইছে।
ছ’চিয়েল মিডিয়াত মোডীয়ে এটা পোষ্ট কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লিখে – মই তেলেংগানাৰ ভগ্নী আৰু ভাতৃসকলক অভিলেখ সংখ্যাত ভোট দি গণতন্ত্ৰ শক্তিশালী কৰিবলৈ আহ্বান জনাইছো। বিশেষকৈ যুৱ প্ৰজন্ম আৰু প্ৰথমবাৰৰ বাবে ভোটাৰসকলক তেওঁলোকৰ ভোটাধিকাৰ প্ৰয়োগ কৰিবলৈ অনুৰোধ জনাইছো।