Local, Vocal, Global

What’s the mystery behind Anushka Saikia’s death : আচলতে কি হৈছিল শনিবাৰে নিশা হেঙেৰাবাৰীৰ হাউছ নম্বৰ ৩ৰ ভাড়াঘৰটোৰ ভিতৰত ?

নিউজ ডেস্ক, ২৯ নৱেম্বৰ : মহানগৰীৰ হেঙেৰাবাৰীৰ হাউছ নম্বৰ ৩ত এটা ভাড়া ঘৰ । এটা মৃতদেহ আৰু বহু ৰহস্য । আচলতে কি হৈছিল শনিবাৰে নিশা ভাড়াঘৰটোৰ ভিতৰত ।

সোমবাৰে উদ্ধাৰ হৈছিল অনুষ্কা শইকীয়া নামৰ এগৰাকী যুৱতীৰ মৃতদেহ । তাৰ পিছতে মৃতদেহক লৈ সৃষ্টি হৈছিল চাঞ্চল্যৰ । আৰক্ষীকে ধৰি ফৰেনচিক দলে আৰম্ভ কৰিছিল তদন্ত । তদন্তত আটক অনুষ্কা শইকীয়াৰ বনকৰা মহিলা জুনু বৰাক । সোধাপোছা জুনু বৰাক । কিন্তু তাৰ পিছটো কোনো ধৰণৰ তথ্য পোৱা নাই আৰক্ষীয়ে ।

এয়া হত্যা আছিল নো আত্মহত্যা ? আচলতে কি হৈছিল ধেমাজিৰ যুৱতী অনুষ্কা শইকীয়া লগত ?যদি আত্মহত্য়াৰ দৰে চৰম সিদ্ধান্ত লৈছিল অনুষ্কাই, তেন্তে কিয় আত্মহত্য়া কৰিলে অনুষ্কাই? নে কৰোবাৰ হত্যাৰ বলি হ’ল যুৱতী গৰাকী । শনিবাৰে নিশা আচলতে হৈছিল কি অনুষ্কা লগত ? প্ৰশ্ন বহুটো কিন্তু উত্তৰ বিচাৰি পোৱা নাই কোনোৱে (Dhemaji Woman Found Dead In Guwahati )।

প্ৰতিদিনে পোহৰলৈ আহিছে ন ন তথ্য । আজি দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল অনুষ্কাৰ প্ৰেমিকক । এই মৃত্যুৰ লগত জড়িত থকাৰ সন্দেহ কৰিছে অনুষ্কাৰ প্ৰেমিকক ।কাৰণ মৃত্যুৰ পূৰ্বে অনুষ্কাই ছচিয়েল মিডিয়াত দিয়া ষ্টেটাছ পিছত ডিলিট হৈছিল। কোনে ডিলিট কৰিছিল অনুষ্কাৰ ষ্টেটাছ? কাৰ হাতত আছিল অনুষ্কা ম’বাইল? সেই সন্দৰ্ভতে প্ৰেমিক ৰাহুলৰ ওপৰত সন্দেহ আৰক্ষীৰ।

উল্লেখ্য যে, দেওবাৰে মহানগৰীৰ হেঙেৰাবাৰীৰ হাউছ নম্বৰ ৩ত এটা ভাড়া ঘৰ উদ্ধাৰ হৈছিল এটা মৃতদেহ । পুৱাই ভাড়াঘৰটোত লাগিল হুৱা-দুৱা। লগে লগে ঘটনাৰ সম্পৰ্কে আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত । মাতি অনা হয় ফৰেনচিক বিভাগৰ লোকক(Dhemaji woman found dead) ৷

আৰক্ষীৰ তদন্তত যুৱতী গৰাকীক ধেমাজিৰ অনুষ্কা শইকীয়া বুলি চিনাক্ত কৰা হয় । অনুষ্কাই মহানগৰীৰ ABCৰ Chee Glam নামৰ বিউটি ষ্টুডিঅ’ত কৰ্মৰত । জানিব পৰা মতে, অনুষ্কাৰ লগত থাকে জুনু বৰাৰ নামৰ এগৰাকী কাম কৰা মহিলা । আৰক্ষীয়ে তদন্তত জুনু বৰাক ঘটনা সন্দৰ্ভত সোধাপোছ কৰিছে ।

ইফালে জেৰা আছে অনুষ্কাৰ বনকৰা মহিলা জুনু বৰা । পুৱা থানালৈ মাতিছিল জুনু বৰাক আৰক্ষীয়ে । আৰক্ষীৰ নিৰ্দেশ অনুসৰি থানা উপস্থিত হয় জুনু বৰা ।

জুনু বৰাৰ ভাষ্য অনুসৰি,পুৱা বনকৰা মহিলা জুনু বৰাই মৃত অৱস্থাত প্ৰত্যক্ষ কৰিছিল অনুষ্কাক ৷ একেটা ঘৰতে কাম কৰা মহিলা হিচাপে থকা জুনু বৰাই ৰহস্যজনকভাৱে ফেনত ওলমি থকা যুৱতীগৰাকীক নমাই আনিলে ৷ জুনু বৰাৰ ভাষ্যত আৰক্ষীৰ সন্দেহ হয় আৰু উচ্চপদস্থ আৰক্ষীৰ নিৰ্দেশত আটক কৰি লৈ যায় থানালৈ(servant picked for interrogation )।

যুৱতীগৰাকী মৃত আত্মহত্যা নহয় আৰু এয়া হত্যা বুলি দাবী কৰিছে বহু সমন্ধীয় লোকে ৷ইফালে DCP আৰু ADCPয়ে নিজেই ঘটনাস্থলী পৰিদৰ্শন কৰি পৰীক্ষা কৰে সকলো দিশ ৷ কিয়নো এই ঘটনাক হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালে(Woman found dead under mysterious circumstances in Guwahati) ৷

পৰিয়ালৰ অভিযোগ অনুসৰি জুনু বৰাৰ সৈতে সম্পৰ্ক আছিল ভাড়াঘৰৰ মালিকৰ ৷ অভিযোগ মতে দুয়োৰে সম্পৰ্কৰ গোপন মুহূৰ্ত দেখা পাইছিল মৃত অনুষ্কা শইকীয়াই ৷ যাৰ বাবে অনুষ্কাৰ সৈতে সংঘাত হৈছিল ঘৰৰ মালিক আৰু জুনু বৰাৰ ৷ তেনে সময়তে অনুষ্কাৰ মৃত্যু হোৱা ঘটনাক সহজভাৱে মান লোৱা নাই পৰিয়ালৰ লোকে ৷

কিন্তু ইয়াৰ মাজতে লুকাই আছে অন্য এক কাহিনী কিয়নো অনুষ্কাৰ ভাড়াঘৰলৈ সঘনাই আহিছিল অনুষ্কাৰ প্ৰেমিক। শনিবাৰে নিশাও অনুষ্কাৰ ভাড়াঘৰলৈ আহিছিল প্ৰেমিক । নিশা প্ৰেমিকৰ সৈতে সংঘাতো হৈছিল অনুষ্কাৰ।

এতিয়া প্ৰশ্ন হয় অনুষ্কাৰ মৃত্যুৰ লগত সম্বন্ধ আছে অনুষ্কাৰ প্ৰেমিকৰ? নে ভাড়াঘৰৰ মালিক আৰু জুনু বৰাই মিলি হত্যা কৰিছে অনুষ্কাক ?

আৰক্ষীৰ অধিক তদন্তত পোহৰলৈ আহিব এই ৰহস্যজনক ঘটনাৰ প্ৰকৃত সত্য।

লগতে পঢ়ক : Deadbody Recovered : মহানগৰীৰ হেঙেৰাবাৰীত উদ্ধাৰ যুৱতীৰ মৃতদেহ