Local, Vocal, Global

কপালৰ ঘাম মাটিত পেলাই আহাৰৰ পথাৰত ব্যস্ত কৃষক

সেউজীয়া সুৱাস সিঁচি সোণোৱালী সপোনলৈ

সময়  এতিয়া বৰ্ষা কালৰ ৷ বিশ্ব ব্যাপি কৰ’না ত্ৰাসৰ মাজতে ৰাজ্যৰ কৃষকসকল ব্যস্ত হৈ পৰিছে কৃষি কার্যত ৷ আহাৰৰ বোকাময় পথাৰত ব্যস্ত ৰাজ্যৰ কৃষকসকল ৷ ব্যতিক্ৰম নহয় সংস্কৃতি নগৰী তেজপুৰো ৷ আহাৰৰ খেতিপথাৰত ব্যস্ত হৈ পৰিছে তেজপুৰৰ কৃষকসকল ৷ বিভিন্ন উন্নতমানৰ ধানৰ বীজৰ কঠিয়াৰে ভূঁই ৰোৱাত ব্যস্ত তেজপুৰৰ কৃষকসকল ৷ কোনোৱে যদি কঠিয়া তুলিছে কোনোৱে আকৌ ভূঁই ৰুইছে ৷ এনেদৰেই তেজপুৰৰ কৃষকসকলে খেতিপথাৰত কপালৰ ঘাম মাটিত পেলাই আঘোণৰ পথাৰত সোণগুটি চপোৱাৰ স্বপ্নত ব্যস্ত হৈ পৰিছে ।