Local, Vocal, Global

নুমলীগড়ত পথৰ দুৰৱস্থাৰ বাবেই কৰুণ মৃত্যুক সাবটিলে মহিলাই

পথৰ দুৰৱস্থাৰ বাবেই নুমলীগড়ত কৰুণ মৃত্যুক সাৱটি ল’লে এগৰাকী মহিলাই । সাঙী ভাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু মহিলাগৰাকীৰ । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যাতায়াত ব্যৱস্থাই উদঙাইছে চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ । নুমলীগড়ৰ লেতেকুচাপৰি নেপালী গাঁৱৰ পথৰ দুৰৱস্থাৰ বাবেই এগৰাকী মহিলাই কৰুণ মৃত্যুক সাৱটি লোৱা ঘটনাই এতিয়া শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।  চন্দ্ৰমায়া চুব্বা নামৰ মহিলাগৰাকী হঠাতে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ ঢলি পৰে। অঞ্চলটোৰ একমাত্ৰ ৩৯নং ঘাইপথ সংযোগী পথটোৰে  নোসোমাই এম্বুলেঞ্চ গাড়ী । উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে  এখন কাপোৰেৰে সাঙী ভাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে মহিলাগৰাকীক । প্ৰায় ডেৰ কিলোমিটাৰ পথ পৰিয়ালৰ লোকে সাঙী কৰি গাড়ীত উঠাওতে বহুসময় লগাত আধাৰাস্তাতে মৃত্যুক সাৱতি লয় মহিলাগৰাকীয়ে ।  সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এতিয়া উত্তেজনাই বিৰাজ কৰিছে।