Local, Vocal, Global

গুৱাহাটীত কৰ’নাৰ ভয়াবহ ৰূপ

কাল কৰ’নাৰ কৱলত মহানগৰী

গুৱাহাটীত অব্যাহত কৰ’নাৰ সংহাৰী ৰূপ ৷ ৰবিবাৰৰ দিনটোত গুৱাহাটীত পুনৰ ১৯৫ গৰাকীৰ দেহত ধৰা পৰিল কভিড ১৯ পজিটিভ ৷ নতুনকৈ  আক্ৰান্ত ১২০ গৰাকীৰে নাই ভ্ৰমণ বৃত্তান্ত ৷ উল্লেখযোগ্য যে নতুনকৈ আক্ৰান্তসকলৰ ভিতৰত আছে শিলপুখুৰীৰ এজন তৰকাৰী ব্যৱসায়ী৷ বিগত সময়ত ব্যৱসায়জনে শিলপুখুৰীত তৰকাৰী বিক্ৰী কৰিছিল৷ শিলপুখুৰীৰ বিভিন্নজন ব্যৱসায়ীজনৰ সংস্পর্শলৈ অহাৰ আশংকা কৰা হৈছে৷ শেহতীয়াকৈ আক্ৰান্তসকলৰ ভিতৰত পল্টন বজাৰ আৰক্ষী থানাৰো ASI গুঞ্জনন্দ টাইডৰ লগতে বিৰুবাৰী আৰক্ষী চকীৰ তিনিগৰাকী আৰক্ষীও কভিড ১৯ পজিটিভ৷ বিৰুবাৰী আৰক্ষী চকীৰ আক্ৰান্ত আৰক্ষী কেইজন ক্ৰমে SI জগদীশ কলিতাসহ চালক, দেহৰক্ষীও কভিড ১৯ পজিটিভ৷ আক্ৰান্ত আটাইকেইজন আৰক্ষী চিকিৎসাধীন ৷

গুৱাহাটীত বৰ্তমানলৈ আক্ৰান্তৰ সংখ্যা ১০৭৫ গৰাকী।