তেজপুৰত চপৰে চপৰে এৰিছে ৫০ লাখ টকীয়া পথৰ ব্লেক টপিং

চপৰে চপৰে এৰিছে তেজপুৰৰ নিৰ্মীয়মান পথৰ ব্লেক টপিং। তেজপুৰ বিধান সভাৰ সমষ্টিৰ অন্তৰ্গত মিলনপুৰৰ পৰা বৰঝাৰগাঁও সংলগ্ন পথটো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ আছিল। ৰাইজে বিভিন্ন দাবীৰ পিছত প্ৰায় ১৮ মাহ পুৰ্বে পথটো নিৰ্মাণৰ বাবে ৫০ লাখ টকাৰ আৱন্টন দিছিল। কিন্তু আশ্চৰ্যজনক ভাৱে ১৪ তাৰিখৰ পৰা দিন ৰাতিয়ে এককাৰ কৰি পথটো নিৰ্মাণ কৰে । নিম্ন মানদণ্ডৰ কামৰ বাবে পথটিৰ নিৰ্মাণত অৱস্থাতে চপৰে চপৰে এৰিছে পথটো নিৰ্মাণত ব্যৱহাৰ কৰা ব্লেক টপিং।শনিবাৰে স্থানীয় ৰাইজে পথৰ নিৰ্মাণৰ কাম প্ৰত্যক্ষ কৰি নিৰ্মাণ কাৰ্য বন্ধ কৰে। পুৰ্বৰ পথটোৰ ওপৰতে ব্লেক টপিং কৰাৰ ফলত পথৰ ব্লেক টপিং বোৰ চপৰে চপৰে এৰি যায়।