ৰাজ্যজুৰি বানৰ তাণ্ডৱত বিধস্ত ৰাজপথ দলং। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাৰ গোগামুখতো বানপানীৰ তাণ্ডৱ।বানপানীৰ ফলত ঠায়ে ঠায়ে ৰাস্তা-পদূলি ছিঙি চূৰ্ন-বিচূৰ্ন হোৱাত গাঁৱত বাস কৰা বানাক্ৰান্তৰ যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে । উল্লেখ্য যে, ৰূপহী গড়পৰাৰ পৰা ঔগুৰি হৈ গোগামুখ সংযোগী এটা পথ ছিঙি যোৱাৰ ফলত ৰাইজ গাঁৱতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল।
কিন্তু ৰূপহী গড়পৰা আৰু গোগামুখৰ ৰাইজৰ ত্ৰাণকৰ্তা হিচাপে আগবাঢ়ি আহিছে ৰূপহী গড়পৰাৰ ঠেঙ্গাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ। ৰাইজৰ অসুবিধাৰ দুৰ কৰাৰ বাবে ৰূপহী গড়পৰাৰ ঠেঙ্গাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু শইকীয়াৰ নেতৃত্বত হাতে-কামে লাগি নিৰ্মাণ কৰিলে এখন বাঁহৰ দলং। বানপানীৰ ফলত সংযোগ বিচ্ছিন্ন হৈ আছিল ৰূপহী গড়পৰা পৰা গোগামুখলৈ, উক্ত সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ঠেঙ্গাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ এনে পদক্ষেপক ৰাইজে আদৰণি জনাইছে ৷