Local, Vocal, Global

দুলীয়াজানত বুঢ়ীদিহিঙৰ ভয়ংকৰ ৰূপ,বিঘাই বিঘাই মাটি নৈৰ বুকুত জাহ

দুলীয়াজানত বুঢ়ীদিহিঙৰ ভয়ংকৰ ৰূপ। খহনীয়াৰ ফলত বিঘাই বিঘাই মাটি নৈৰ বুকুত জাহ গৈছে।মথাউৰিৰ ওপৰত আশ্ৰয় ভুক্তভোগী ৰাইজৰ।খবৰ নাই কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী-বিধায়ক তেৰছ গোৱালাৰ।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ গৃহ পঞ্চায়ত টিপলিং গাওঁপঞ্চায়তৰ অন্তৰ্গত বামুণগাৱঁত বুঢ়ীদিহিং নদীয়ে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে। উল্লেখ যে আশীৰ দশকৰ পৰা অব্যাহত থকা বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াৰ ফলত গাওঁখনৰ কেইবাটাও ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে প্ৰায় ১০ হেজাৰ বিঘা মাটি নদীৰ বুকুত জাহ যোৱাৰ লগতে ৫০০ৰো অধিক পৰিয়াল গৃহহীন হৈ পৰে । বৃহত্তৰ অঞ্চলটোৰ প্ৰতি সৃষ্টি হোৱা এনে ভাবুকি প্ৰতিৰোধৰ কাৰণে সংশ্লিষ্ট বিভাগে এই পৰ্যন্ত কোনো স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । ইয়াৰ পৰিপ্ৰেক্ষিতত বামুণগাঁৱৰ বিস্তীৰ্ণ এলেকা বুঢ়ীদিহিং নদীয়ে খহাই নিয়াৰ বাবেই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ প্ৰতি প্ৰচণ্ড ভাবুকি নামি আহিছে । ইতিমধ্যে প্ৰায় ১০ৰো অধিক বাসগৃহ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে । বিপৰীতে  জলসম্পদ বিভাগৰ একাংশ বিষয়াৰ পৃষ্ঠপোষকতাত বৃহত্তৰ অঞ্চলটোৰ গৰাখহনীয়া প্ৰতিৰোধ আঁচনিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে ।

ৰাইজৰ অভিযোগ অনুসৰি জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে একাংশ পছন্দৰ ঠিকাদাৰক হাতৰ মুঠিত লৈ গৰাখহনীয়া প্ৰতিৰোধ আঁচনিৰ নামত কৌশলেৰে কোটি কোটি টকা আত্মসাৎ কৰি আহিছে । ধন আত্মসাৎ কৰাৰ স্বাৰ্থতেই বিভাগীয় কৰ্তৃপক্ষই গৰাখহনীয়া প্ৰতিৰোধৰ নিম্নমানৰ কাম কৰি ৰাইজক প্ৰতাৰণা কৰাৰ অভিযোগ স্থানীয় লোকৰ ।ইফালে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে দুলীয়াজান সমষ্টিৰ অৰ্ন্তগত নিজা টিপলিং পঞ্চায়ৰ ৰাইজে দীৰ্ঘদিনৰ পৰা সন্মুখীন হৈ অহা দুখ-দুদৰ্শাৰ বুজ ল’বলৈ আজিলৈ আহৰি পোৱা নাই । তদুপৰি দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰচ গোৱালায়ো গৰাখহনীয়াৰ স্থায়ী সমাধানৰ কাৰণে বিগত সময়চোৱাত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলিও ৰাইজে অভিযোগ কৰে। বিশেষকৈ এই জলন্ত সমস্যাটোৰ বিষয়ে বিধানসভাতো সঠিকভাৱে প্ৰশ্ন উত্থাপন কৰিব নোৱাৰাটো জনপ্ৰতিনিধি হিচাপে ব্যৰ্থতা হিচাপে ৰাইজে বিবেচনা কৰিছে । শেহতীয়াকৈ ভুক্তভোগী একাংশ ৰাইজে নিৰাপদ স্থান বিচাৰি মথাউৰিৰ ওপৰতে অস্থায়ী শিৱিৰ স্থাপন কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ।