Local, Vocal, Global

আজি বিশিষ্ট লেখক ৰামচন্দ্ৰ চুতীয়াৰ ওপজা দিন উদযাপন

অসমৰ বিশিষ্ট লেখক উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ উপদেষ্টা , অসম সাহিত্য সভাৰ আজীৱন সদস্য ৰামচন্দ্ৰ চুতীয়া আজি ৭০ সংখ্যাক ওপজা দিন । উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভা , শোণিতপুৰ জিলা কবি সন্মিলনৰ বিষয়ববীয়া সকলে তেখেতৰ ডেকাৰগাঁৱৰ বাসগৃহত ওপজা দিন উপলক্ষে সম্বৰ্ধনা জনায় ।  ৭০ সংখ্যক ওপজা দিন উপলক্ষে ৰাম চন্দ্ৰ চুতীয়াৰ বাসগৃহত  উপস্থিত থাকি শুভেচ্ছা জ্ঞাপন কৰে জিলা কবি সন্মিলনৰ সম্পাদক তথা যুৱ সাংবাদিক অপুৰ্ব বৰা , অনুপ অসমীয়াই।