Local, Vocal, Global

Minor girl stabbed in Maharashtra : প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই কিশোৰীক ছুৰীকাঘাত যুৱকৰ, অভিযুক্তক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক, ১৭ আগষ্ট : প্ৰেম প্ৰত্যাখ্যান কৰাৰ ভয়ংকৰ পৰিণতি (Minor girl stabbed in Maharashtra )। প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই ১১ বছৰীয়া কিশোৰীক ছুৰীকাঘাত । দুবাৰকৈ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল কিশোৰীগৰাকীয়ে ।

এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ থানেত । এগৰাকী কিশোৰীক ছুৰীকাঘাত যুৱকৰ । ছুৰীৰে উপৰ্যুপৰি আক্ৰমণ কৰাত মৃত্যু হয় কিশোৰীগৰাকীৰ । থানে কল্যাণ পূবৰ তিচগাঁও অঞ্চলত সংঘটিত হৈছে এই ঘটনাটো । এজন ২০ বছৰীয়া যুৱকে ১১ বছৰীয়া কিশোৰীক তীক্ষ্ণ ছুৰীৰে ৭-৮বাৰ আঘাত কৰে (A minor girl was killed by stabbing eight times due to one-sided love)। এই ঘটনাটো নিশা প্ৰায় ৮ মান বজাত সংঘটিত হৈছে । কিশোৰীগৰাকীক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । এই ঘটনাটোৰ পাছতে মহাৰাষ্ট্ৰত পুনৰ মহিলাৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে ।

জানিব পৰা মতে কিশোৰীগৰাকী টিউচনৰ পৰা আহি আছিল । সেই সময়তে যুৱজনে তেওঁক আক্ৰমণ কৰে । যুৱকজন আদিত্য কাম্বল বুলি জানিব পৰা গৈছে । আক্ৰমণকাৰী আদিত্য স্থানীয় লোকসকলে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে ।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, সন্ধিয়া প্ৰায় ৭ মান বজাত যুৱকজন অঞ্চলটোলৈ গৈছিল আৰু স্থানীয় লোকক কিশোৰীগৰাকীৰ কথা সুধিছিল । কিমান সময়ত ঘৰলৈ আহিব বুলি সুধিছিল যুৱকজনে আৰু কিশোৰীগৰাকী অহালৈ যুৱকজন ৰৈ আছিল । আৱাসীসকলে ভবা নাছিল যে যুৱকজনে এনে ঘটনা সংঘটিত কৰিব পাৰে । ইফালে কিশোৰীগৰাকীয়ে মাতৃৰ সৈতে টিউচনৰ পৰা ঘৰলৈ আহি আছিল । সেই সময়তে আদিত্যই পিছফালৰ পৰা আহি কিশোৰীগৰাকীৰ মাতৃক ঠেলি দিয়ে আৰু কিশোৰীগৰাকীক ছুৰীৰে আক্ৰমণ কৰে । মাতৃগৰাকীয়ে কিশোৰীগৰাকীক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল যদিও সফল হ’ব পৰা নাছিল ।

কিশোৰীগৰাকীয়ে বুকুত গুৰুতৰ আঘাত পাই আৰু তলত বাগৰি পৰে । কিশোৰীগৰাকীৰ মাতৃয়ে চিঞৰ বাখৰ কৰাৰ লগে লগে স্থানীয় লোকসকল দৌৰি আহে । কিন্তু আক্ৰমণকাৰী আদিত্যই সেই স্থানৰ পৰা পলায়ন কৰে । অৱশ্যে পাছত স্থানীয় লোকসকলে আক্ৰমণকাৰী যুৱকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । অভিযুক্ত যুৱকজন তিচগাঁওৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি যুৱকজনে কিশোৰীগৰাকীক দুবাৰকৈ প্ৰেমৰ প্ৰস্তাৱ দিছিল । কিন্তু কিশোৰীগৰাকীয়ে তাক অস্বীকাৰ কৰে । যাক লৈ যুৱকজন অসন্তুষ্ট আছিল । আৰক্ষীয়ে সন্দেহ কৰা মতে সম্ভৱত প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ প্ৰতিশোধ ল’বলৈ যুৱকজনে কিশোৰীগৰাকীক আক্ৰমণ কৰিছে । ইতিমধ্যে আৰক্ষীযে যুৱকজনক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে ।

সমগ্ৰ ঘটনাটোক লৈ অঞ্চলটোত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কিশোৰীগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।

লগতে পঢ়ক : Biswanath Murder Case : পৰকীয়া প্ৰেমৰ বাবেই স্বামীক হত্যাৰ অভিযোগ, গ্ৰেপ্তাৰ পত্নী